অসম লাইভ ২৪ঃ যদিহে আপুনি ডায়বেটিছৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নতুবা বাছি থাকিব বিচাৰে তেন্তে চিকিত্সকৰ ওচৰলৈ নগ’লেও হ’ব। মাত্ৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইকেইবিধ খাদ্য। দৈনিক খাদ্য তালিকাত এইকেইবিধ ফল অন্তৰ্ভুক্ত কৰি সেৱন কৰক, আৰু সম্ভাব্য বেমাৰৰ পৰা হাত সাৰি থাকক।
বৰ্তমান প্ৰত্যেক লোকৰে জীৱনশৈলী আৰু খাদ্যাভাস যথেষ্ট অবৈজ্ঞানিক। দৈনন্দিন কৰ্মব্যস্ততাৰ ফলত মানুহৰ খোৱা-বোৱাৰ সময়সূচীৰ কোনো নাথাকে। যাৰ ফলত নানাধৰণৰ বেমাৰ-আজাৰে দেখা দিয়ে।
কিন্তু, আপুনি যদি ডায়বেটিছ আদি বেমাৰৰ পৰা হাত সাৰি থাকিব বিচাৰে, তেন্তে দৈনিক খোৱা কৰক এই চাৰিবিধ ফল।
১) জামুঃ আপুনি যদিহে ডায়বেটিছৰ চিকাৰ হৈছে আৰু ভৱিষ্যতে ইয়াৰ পৰা কিছু সকাহ পাব বিচাৰে, তেন্তে আপুনি জামু নিশ্চিন্তমনে সেৱন কৰিব পাৰে। ইয়াত ৮২ শতাংশ পানী পোৱা যায়, যিটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। লগতে জামুত শৰ্কৰাৰ পৰিমাণো কম থাকে, গতিকে ডায়বেটিছত ভুগি থকা যিকোনো ব্যক্তিয়ে বিনাদ্বিধাই ইয়াক সেৱন কৰিব পাৰে।
২) নাচপতিঃ ভিটামিন চি, ই আৰু কে যুক্ত ফল নাচপতি যিকোনো ডায়বেটিছ ৰোগীয়ে সেৱন কৰিব পাৰে। ইয়াত আয়ৰণ, পটাছিয়াম, কেলছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে লাভ কৰা যায়। যিসমূহ ডায়বেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী।
৩) আপেলঃ প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টি-অক্সিডেণ্ট যুক্ত আপেল ডাইবেটিছ ৰোগীয়ে নিশ্চিন্ত মনে সেৱন কৰিব পাৰে। এই ফল সেৱনৰ ফলত শৰীৰত ব্লাড ছুগাৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে।
৪) কিৱিঃ হাই ফাইবাৰযুক্ত কিৱি ফলো ডায়বেটিছ ৰোগীৰ বাবে যথেষ্ট উপকাৰী। এইবিধ ফল সেৱনৰ ফলতো দেহত ব্লাড ছুগাৰ নিয়ন্ত্ৰিত অৱস্থাত থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ