অসম লাইভ২৪ঃ সুৰা সেৱন কৰি নিহত ২০ গৰাকীকৈ লোক৷ বিষাক্ত সুৰা পান কৰিয়েই মৃত্যুক সাবটি লৈছে ২০ গৰাকী লোকে৷ ইয়াৰ বিপৰীতে ৬ গৰাকী লোকক সংকটজনত অৱস্থাত ভৰ্তী কৰোৱা হৈছে হাস্পতালত৷ এই ঘটনা বিহাৰৰ৷ সুৰা নিষিদ্ধ বিহাৰতত মৃত্যুদূতত পৰিণত হৈছে অবৈধ সুৰা৷ নিষেধাজ্ঞাক বুঢ়া আঙুলি টোৱাই ৰাজ্যখনত চলি আছে চোৰাং সুৰাৰ ৰমৰমীয়া বেহা৷
বিহাৰৰ এক সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুযায়ী সুৰা কঢ়িয়াই অনা এখন বাহনে মতিহাৰীৰ স্থানীয় ব্যৱসায়ীসকলৰ মাজত সুৰা বিতৰণ কৰিছিল। এই সুৰা পানৰ ফলতে মৃত্যুক সাবটি লৈছে ২০ গৰাকী লোকে৷ ইয়াৰ বিপৰীতে কেইবাগৰাকীও বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তী হৈ আছে৷
ঘটনা সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘটনাক দুখজনক বুলি বিবৃতি দিছে৷ বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰামতে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, ২০১৬ চনৰ এপ্ৰিল মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত সুৰাৰ বিক্ৰী আৰু সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। এই নিষেধাজ্ঞাৰ পিছতো বিহাৰত সুৰাৰ চোৰাং বেহা অব্যাহত আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ