অসম লাইভ ২৪ঃ ক’ৰোনাৰে যুঁজ অব্যাহত থাকিব। কিন্তু এই যুঁজৰ মাজতে স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই অনাৰ পূৰ্ণ প্ৰয়াস চলাই আছে চৰকাৰে। বিভিন্ন নীতি-নিৰ্দেশনাৰ মাজেৰে দেশজুৰি আনলক প্ৰক্ৰিয়া আৰম্ভ কৰি স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ প্ৰয়াস চলিছে। আনলক ঘোষণাৰ পাছতো অৱশ্যে বন্ধ হৈ আছে শিক্ষানুষ্ঠান, চিনেমা হল, জীম, পাৰ্ক আদি। আনলক প্ৰক্ৰিয়াৰ আওতাত শীঘ্ৰেই হয়তো সোমাব চিনেমা হ’ল। দীৰ্ঘদিন বন্ধ ৰখাৰ পাছত চিনেমা হল খোলাৰ চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহ বিভাগক তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ সচিব অমিত খাৰে চিনেমা হল খোলাৰ বাবে আৱেদন জনাইছে। সচিবগৰাকীয়ে ১ আগষ্টৰ পৰা সমগ্ৰ দেশত চিনেমা হল খুলিবলৈ এই আৱেদনযোগে অনুৰোধ জনাইছে। গৃহ মন্ত্ৰ্যালয়ৰ অনুমতি পালে আগষ্টত পুনৰ চিনেমা হল খোল খোৱাৰ সম্ভাৱনা আছে।
কেনেদৰে খুলিব চিনেমা হল?
এই ক্ষেত্ৰতো আৰম্ভ হৈছে চিন্তা-চৰ্চা। প্ৰিয়জনৰ সৈতে হাতত ধৰাধৰিকৈ চিনেমা চোৱাৰ দিন হয়তো উকলিল। যদি ১ আগষ্টত চিনেমা হল খোলে, তেনেহ’লে এখন আসন এৰি এখন আসনতহে বহিব পাৰিব দৰ্শক। আসনৰ দুটা শাৰীৰ মাজত খালী ৰাখিব লাগিব এটা শাৰী। অৰ্থাৎ প্ৰথম শাৰীত দৰ্শক বহিলে দ্বিতীয় শাৰীত খালী থাকিব, তৃতীয় শাৰীতহে বহিব পাৰিব দৰ্শক। ইয়াৰ উপৰিও আন কেতবোৰ নীতি-নিয়মৰ মাজেৰে আগষ্টত চিনেমা হল খোলাৰ চিন্তা-চৰ্চা চলিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় আৰু গৃহ বিভাগৰ মাজত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ