অসম লাইভ ২৪ঃ আজি আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিব নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনে। বহু উৎকণ্ঠাৰ অৱসান ঘটাই, বহু চৰ্চা আৰু বিতৰ্কৰ অন্তত ভাৰতীয় সময় অনুসৰি নিশা ১০ বাজি ৩০ মিনিটত আমেৰিকাৰ কেপিটেলৰ ৱেষ্ট ফ্ৰণ্টত শপত ল’ব জ’ বাইডেনে। জ’ বাইডেনৰ এই শপতগ্ৰহণ অনুষ্ঠানতেই গীত পৰিৱেশন কৰিব ভাৰতীয় মূলৰ ৰেপাৰ ৰাজা কুমাৰীয়ে। গ্ৰেমী বঁটাৰ বাবে মনোনীত হোৱা ৰেপাৰ ৰাজা কুমাৰীক এছিয়ান-আমেৰিকান পেছিফিক আইলেণ্ডাৰত নিজৰ অনুষ্ঠান পৰিৱেশন কৰিব। এই অনুষ্ঠান নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকী শপতগ্ৰহণ সমাৰোহৰে এক অংশ য’ত আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়সকলে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ক’ভিড ১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠান ভাৰ্চুৱেলি আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰি গৌৰৱান্বিত ভাৰতীয় মূলৰ ৰেপাৰগৰাকী। আনহাতে ৰাজা কুমাৰীৰ উপৰিও জেনিফাৰ লোপেজ, ক্ৰিষ্টফাৰ জেকছন, গাৰ্থ ব্ৰুছৰ দৰে হলীউডৰ জনপ্ৰিয় তাৰকাসকলে অনুষ্ঠান পৰিৱেশন কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ