অসম লাইভ ২৪ঃ ‘বাইদেউ ৰিয়া চক্ৰৱর্তীয়ে মোক ড্ৰাগছ আনিবলৈ কৈছিল। ড্ৰাগছ অনাৰ পাছত ৰিয়া আৰু সুশান্তৰ ঘৰৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডাৰ সৈতে একেলগে বহি ড্ৰাগছ লৈছিলো। আনকি বাইদেৱে আৰু কিছু ড্ৰাগছ ব্যৱসায়ীৰ সৈতে মোক যোগাযোগ কৰিবলৈ কৈছিল।’ শুকুৰবাৰৰ পুৱা নার্কোটিকছ ক’ণ্ট্ৰল ব্যুৰ’ৰ জেৰাত এই কথা স্বীকাৰ কৰিলে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱর্তীয়ে। সৌভিকে ক’লে বাইদেউৰ বাবেই বিভিন্ন ড্ৰাগছ ব্যৱসায়ীৰ সৈতে মই যোগাযোগ কৰিছিলো। চেমুৱেলো আছিল ড্ৰাগছ আসক্ত। ইয়াৰ পাছতে শুকুৰবাৰে সৌভিক চক্ৰৱর্তীক গ্ৰেপ্তাৰ কৰিলে NCBয়ে। সৌভিকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু ৫ জনৰ নাম NCBৰ হাতলৈ আহিছে। যিকেইজনে ড্ৰাগছৰ ব্যৱসায় কৰিছিল, তেওঁলোককো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। মিৰাণ্ডাৰ বিৰুদ্ধেও তদন্ত কৰা হ’ব। ৯ ছেপ্টেম্বৰ পর্যন্ত আৰক্ষীৰ জিম্মাত থাকিব সৌভিক। কৰা হ’ব তীব্ৰ জেৰা। সৌভিকক গ্ৰেপ্তাৰৰ পাছতে আনন্দ প্ৰকাশ কৰিলে সুশান্তৰ বায়েক শ্ৰেতা সিং কৃতীয়ে। ধন্যবাদ জনালে NCBক। এদিন পুৱাতে ৰিয়া চক্ৰৱর্তী আৰু চেমুৱেল মিৰাণ্ডাৰ ঘৰত তালাচী চলাইছিল NCBয়ে। আনকি ৰিয়াৰ গাড়ী, লেপটপ সকলোতে তালাচী চলাইছিল। অভিযান চলাইছিল বাণ্ড্ৰাৰ এটি ফুটবল ক্লাৱত। আৰু তাতেই জনা গৈছিল সৌভিকে ড্ৰাগছৰ বাবে সেই ক্লাৱলৈ গৈছিল। সেই ক্লাৱৰ পৰাই চোহেল নামৰ এজন ব্যৱসায়ীৰ সৈতে গাঞ্জা সৰবৰাহ কৰিছিল ৰিয়া আৰু সৌভিকে। ইতিমধ্যে NCBৰ তৰফৰ পৰা জাননী পঠোৱা হৈছে ৰিয়ালৈও। অতি শীঘ্ৰেই ৰিয়াকো তলব কৰিব NCBয়ে। সুশান্তৰ মৃত্যুত ড্ৰাগছৰ বেপাৰ সন্দর্ভত EDয়েও তদন্ত চলাই আছে। ২০১৭ৰ পৰাই নিয়মিত ড্ৰাগছ লয় ৰিয়াই। ৰিয়াৰ হোৱাটএপ চাটৰ সকলোখিনি তথ্য আৰক্ষীৰ হাতলৈ আহিছে। সেই হোৱাটছএপ চাটৰ পৰা জনা গৈছে সুশান্তৰ কফিৰ লগত কেনেকৈ ড্ৰাগছ মিহলাই দিয়া হৈছিল। EDয়ে সকলোখিনি তথ্য NCBক জনাইছে। জেৰাত সৌভিকে আৰু জনাইছে যে ৰিয়াৰ নির্দেশ অনুসৰি তেওঁ সুশান্তক কাঢ়া ঔষধ দিছিল। CBIয়ে ইতিমধ্যে সুশান্তৰ মৃত্যু সন্দর্ভত মুঠ ৫৬জনক জেৰা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















