অসম লাইভ ২৪ঃ নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে ২০২১ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া। ২০২১ চনত নিৰ্বাচন অনুষ্ঠিত হ’বলগা ৰাজ্যসমূহলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী কাম-কাজৰ সৈতে জড়িত বিষয়াৰ বদলি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি-নিয়ম ধাৰ্য কৰি দিছে নিৰ্বাচন আয়োগে। নিৰ্বাচনী কাম-কাজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’বলগা বিষয়াক গৃহজিলাত নিযুক্তিত বাধা আৰোপ কৰিছে নিৰ্বাচন আয়োগে। বদলি কৰিব লাগিব একেস্থানতে ৩ বছৰৰ অধিক কাল চাকৰি কৰি থকা বিষয়া। পূৰ্বে নিৰ্বাচনী কাম-কাজত গাফিলতি বা আন কোনো অভিযোগ থকা বা তেনে গোচৰত শাস্তি সন্মুখীন হোৱা বিষয়াক নিৰ্বাচনৰ কোনো দায়িত্ব প্ৰদান নকৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। অহা ৬ মাহৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব লগা বিষয়াকো নিৰ্বাচনী দায়িত্বৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে নিৰ্বাচন আয়োগে। উল্লেখ্য অসমৰ লগতে পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীতো ২০২১ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই ৰাজ্যকেইখনলৈ নিৰ্বাচন আয়োগে একেই নিৰ্দেশনা জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ