অসম লাইভ২৪ঃ প্ৰায় ৬০ ঘণ্টাৰ অন্তত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেছন অৰ্থাৎ চমুকৈ বিবিচিৰ দিল্লী আৰু মুম্বাইৰ অফিচত তালাছি সামৰিছে আয়কৰ বিভাগে। প্ৰায় ৩ দিন ধৰি তালাছি চলিছিল বিবিচিৰ কাৰ্যালয়ত। প্ৰায় তিনিদিন পাছত শুকুৰবাৰে পুৱা বিবিচিৰ সঞ্চালকসহ মুঠ ১০ গৰাকী কৰ্মচাৰীক এৰি দিবলৈ বাধ্য হয় আয়কৰ বিভাগে। আয়কৰ বিভাগে তালাচি সামৰাৰ পাছতেই বিবিচিৰ তৰফৰ পৰা দিয়া হৈছে এটা বিশেষ টুইট। টুইটত উল্লেখ থকা অনুযায়ী, ‘আয়কৰ বিভাগে দিল্লী আৰু মুম্বাইত আমাৰ কাৰ্যালয়ত তালাচি সামৰিছে। আমি তেওঁলোকক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছো। আশা কৰিছো এই সমস্যাৰ সোনকালেই নিষ্পত্তি হ’ব।’
ইয়াৰোপৰি টুইটত লেখা অনুসৰি, ‘আমাৰ কৰ্মীসকলৰ যিসকলে প্ৰায় ৩ দিন ধৰি কাৰ্যালয়ত আছিল, বা তালাচিত সহায়-সহযোগিতা কৰিছিল তেওঁলোকক অগ্ৰাধিকাৰ দিয়াটো আমাৰ কৰ্তব্য। বৰ্তমান পৰিস্থিতি স্বাভাৱিক। আমি ভাৰত আৰু ভাৰতৰ বাহিৰৰ দৰ্শক শ্ৰোতাসকলৰ বাবে খবৰ পৰিবেশন কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিবিচি এটা অতি বিশ্বস্ত, স্বাধীন সংবাদমাধ্যম। আমি আমাৰ সহকৰ্মী আৰু সাংবাদিকৰ কাষত সদায়ে আছো। যিসকলে ভয় খাইছে তেওঁলোকো সাহসী হওক। প্ৰকৃত খবৰ দৰ্শকৰ মাজলৈ লৈ যাবলৈ সাজু হওক।’
উল্লেখ্য যে আয়কৰ বিভাগৰ তালাচি আৰম্ভ হৈছিল মঙলবাৰে দিনৰ ১১ বজাৰ পৰা। বৃহস্পতিবাৰে মাজনিশা সামৰণি পৰে এই তালাচিৰ। এই পৰিস্থিতিত কৰ্মীসকলক মানসিকভাৱে প্ৰস্তুত থাকিবলৈ ইমেইল কৰিছিল বিবিচিৰ কৰ্তৃপক্ষই। মূলত কৰফাঁকি আৰু ট্ৰেন্সফাৰ প্ৰাইছিং সংক্ৰান্তিয় বিষয়ক লৈ তালাচি চলিছিল বিবিচিৰ কাৰ্যালয়ত।
চৰকাৰী এক সূত্ৰই প্ৰকাশ কৰা মতে, আয়কৰ বিভাগে বিবিচিৰ কম্পিউটাৰ , ফাণ্ড ট্ৰেন্সফাৰ, ফৰেন ট্ৰেন্সফাৰ আদি কিছু শব্দ অত্যাধিক পৰিমানে ব্যৱহাৰ হোৱাৰ তথ্য পোৱা গৈছে। কেইটামান সপ্তাহৰ পূৰ্বে বিবিচিৰ তথ্যচিত্ৰ ‘ইণ্ডিয়াঃ দ্যা মোদী কোৱেশ্ব্যন’ ত দুই দশক পূৰ্বে গুজৰাটত সংঘটিত গোধৰাকাণ্ডৰ সাম্প্ৰদায়িক হিংসাৰ প্ৰতিচ্ছবি তুলি ধৰিছিল। সেই সময়ছোৱাত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল প্ৰধানমন্ত্ৰী মোদী। বিবিচিৰ এই ডকুমেণ্টৰীখনক লৈ আপত্তি দৰ্শাইছিল কেন্দ্ৰীয় চৰকাৰে। এয়া এক অপপ্ৰচাৰ বুলিও দাবী কৰিছিল কেন্দ্ৰই। কিন্তু বিবিচিয়ে দাবী কৰা অনুযায়ী যথেষ্ট গৱেষণাৰ অন্তত এই তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে।
চলিত বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰই ইউটিউব আৰু টুইটাৰৰ পৰা বিবিচিৰ তথ্যচিত্ৰখনৰ লিংক উঠাই দিবলৈ নিৰ্দেশ দিয়ে। IT-২০২১ ৰ নিয়ম অনুসৰি এই ডকুমেণ্টৰীখন উঠাই ল’বলৈ বিবিচিক হেঁচা প্ৰয়োগ কৰা বুলিও প্ৰকাশ কৰিছিল বিবিচিৰ কৰ্তৃপক্ষই। অৱশ্যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই ডকুমেণ্ট প্ৰচাৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা দেখা গৈছে৷ বিগত সপ্তাহতেই উচ্চতম ন্যায়ালয়েও বিবিচিৰ তথ্যচিত্ৰৰ ওপৰত দিয়া নিষেধাজ্ঞা উঠাই লোৱা বুলি জানিব পৰা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ