অসম লাইভ ২৪ঃ
ভাইৰেলঃ বিয়াৰ আগদিনা ৰাতি যুৱকজনে যথেষ্ট সুৰা পান কৰে আৰু তাৰ ফলত এক ডাঙৰ বিপদৰ সন্মুখীন হয়। সুৰাৰ প্ৰভাৱৰ বাবে তেওঁ নিজৰ বিয়াৰ দিনটোত বিয়া কৰাবলৈ যাবলৈ পাহৰি যায়। ঘটনাটো দেওবাৰে নিশা বিহাৰৰ ভাগলপুৰৰ চুলতানগঞ্জ গাঁৱত সংঘটিত হৈছিল।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, দেওবাৰে নিশা তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে বহি সুৰাপান কৰিছিল। তাৰ পিছত তেওঁ নিচাগ্ৰস্ত অৱস্থাত এজন বন্ধুৰ ঘৰত শুই পৰে। সুৰা সেৱনৰ পৰিমাণ ইমান বেছি আছিল যে তেওঁ সোমবাৰৰ ৰাতিপুৱা লৈকে সাৰ পোৱা নাছিল। কইনাই তেওঁৰ বাবে অপেক্ষা কৰি ভাগৰি পৰিছিল, কিন্তু দৰাৰ কোনো দেখাদেখি নাছিল।
মঙলবাৰে যুৱকজনে জ্ঞান ঘূৰাই পোৱাৰ লগে লগে কইনা ঘৰলৈ দৌৰি গৈছিল। কিন্তু তেতিয়ালৈকে কইনাই তেওঁৰ লগত বিয়া পাতিবলৈ অস্বীকাৰ কৰিছিল। কইনাই কৈছিল যে ইমান দায়িত্বহীন এজন মানুহৰ সৈতে তেওঁ জীৱন কটাব নোৱাৰে। কইনাৰ পৰিয়ালেও যুৱকজনৰ পৰিয়ালক বিবাহৰ খৰচ ঘূৰাই দিয়াৰ বাবে দাবী জনাইছিল। তাৰপিছতে দুয়োপক্ষৰ মাজত তুমুল কাজিয়া আৰম্ভ হয় আৰু পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ