অসম লাইভ২৪ঃ অন্যদিনাৰ দৰে পিতৃৰ স্কুটিত উঠি প্ৰিয়া আৰু তেওঁৰ ভনীয়েক শিক্ষানুষ্ঠানলৈ বুলি ওলাই গৈছিল৷ ঘৰৰ পৰা কিছুদূৰ আগবাঢ়িছিলহে মাত্ৰ৷ ৰাস্তাৰ কাষত থকা গাঁতত স্কুটীখনৰ চকা পৰি যোৱাত বাছৰ সন্মুখত চিটিকি পৰে প্ৰিয়া কুমাৰী। আৰু তাৰ পিছত প্ৰিয়াৰ ওপৰেদি পাৰ হৈ যায় ৰয়েল গ্লবেলৰ এখন বাছ।
নিমিষতে ইতি পৰিল সকলো সম্ভাৱনাৰ। বৃহস্পতিবাৰে পুৱাই গণেশগুৰিত সংঘটিত হোৱা দুৰ্ঘটনাই এখন ঘৰলৈ নমাই আনিলে অন্ধকাৰ। লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল প্ৰিয়া। স্কুটীৰে বিদ্যালয়লৈ যোৱাৰ সময়তে ৰয়েল গ্লবেলৰ স্কুলৰ বাছৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰীগৰাকী। বাছখনৰ নম্বৰ AS-01 PC-7411। ছাত্ৰী গৰাকীক খুন্দিয়াই বাছখনে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰিছে চালকজনক।
হলী চাইল্ড স্কুলত পঢ়িছিল প্ৰিয়াই। এইবাৰ লিটল ফ্ৰাৱাৰ স্কুলত একাদশ শ্ৰেণীত নামভৰ্ত্তি কৰিছিল। এমাহ হৈছিল নতুন শিক্ষানুষ্ঠানলৈ অহা। নতুন বন্ধু, নতুন কলেজত নতুন সপোন লৈ প্ৰিয়াই পঢ়াশুনা কৰিছিল। স্কুটীখন দেউতাকে চলাই আহিছিল। সৰু ভনীয়েক মাজত আছিল, প্ৰিয়া কুমাৰী শেষত আছিল। দুৰ্ঘটনাটোত ভনীয়েক কম পৰিমাণে আহত হৈছে।
মেট্ৰিকত ৮৯ শতাংশৰে এইবাৰ উত্তীৰ্ণ হৈছিল প্ৰিয়া৷ কেইবাটাও বিষয়ত লেটাৰ পাইছিল প্ৰিয়াই। হেঙেৰাবাৰীত গেলামালৰ দোকান দি পৰিয়াল পোহপাল দিছিল দেউতাক ধনেশ্বৰ পাঞ্জিয়াৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ