অসম লাইভ২৪ঃ প্ৰটিনক দেহৰ ‘বিল্ডিং ব্লক’ বুলি কোৱা হয়। এই উপাদান শৰীৰৰ একাধিক জৰুৰী কাম কাজত লাগে। দেহত প্ৰটিনৰ ঘাটি হ’লে নানান শাৰীৰিক সমস্যাই দেখা দিয়ে। বিশেষজ্ঞসকলৰ মতে প্ৰটিনৰ কথা আহিলেই বেছিভাগেই দাবী কৰে যে প্ৰটিনে পেশি গঠনত সহায় কৰে। কিন্তু কেৱল পেশী গঠনেই প্ৰটিনৰ একমাত্ৰ কাম নহয়। দেহৰ এনজাইম তৈয়াৰ কৰা, শৰীৰক শক্তি প্ৰদান কৰা আৰু ইমিউনিটি বঢ়োৱাত প্ৰটিনৰ প্ৰয়োজন হয়। দেহত প্ৰটিনৰ ঘাটি পুৰণ কৰাত অত্যন্ত জৰুৰী। বেছিভাগ ভাৰতীয়ৰ শৰীৰতেই প্ৰটিনৰ ঘাটি আছে। প্ৰটিনৰ কাৰণেই একাধিক সমস্যাই শৰীৰত দেখা দিয়ে। ব্ৰেকফাষ্টত প্ৰটিন সমৃদ্ধ খাদ্য ৰখাটো অতিকৈ প্ৰয়োজন। কেনেকৈ প্ৰটিনৰ ঘাটি শৰীৰত দূৰ কৰিব?
খাদ্য তালিকাত কণী ৰাখক
কম টকাতেই শৰীৰক প্ৰটিন দিব পৰা একমাত্ৰ উপাদানেই হৈছে কণী। কণী প্ৰটিনৰ ভাণ্ডাৰ। পুষ্টিবিদে জনোৱা অনুসৰি এটা কণীত ৬ৰ পৰা ৭ গ্ৰাম প্ৰটিন থাকে। কণীত থকা প্ৰটি অতি উৎকৃষ্ট মানৰ। ইয়াৰ বায়লজিকেল ভেলু অত্যন্ত বেছি। শৰীৰেও এই প্ৰটিন সহজে গ্ৰহণো কৰিব পাৰে। সেয়ে নিয়মিতভাৱে কণী খোৱাটো অত্যন্ত জৰুৰী। কণীৰ বগা অংশ শৰীৰৰ বাবে অতি উপকাৰী।
দৈ খাব পাৰে
দৈ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ইয়াতো প্ৰটিনৰ পৰিমান অতি বেছি। ইয়াৰোপৰি দৈত ভিটামিন ডি, কেলছিয়ামৰ দৰে প্ৰয়োজনীয় খনিজ আৰু ভিটামিন থাকে। ইয়াৰোপৰি দৈ’ক প্ৰবায়টিকৰ ভাণ্ডাৰ বুলিও কোৱা হয়। এই উপাদানে পেট ভালে ৰখাতো সহায় কৰে। সেয়ে দৈনিক খাদ্য তালিকাত দৈ ৰাখিব পাৰে।
গাখীৰ খাইয়ো প্ৰটিনৰ ঘাটি দূৰ কৰিব পাৰি
গাখীৰ প্ৰটিনৰ খনি। গাখীৰত প্ৰটিন বহু পৰিমানে থাকে। ইয়াৰোপৰি গাখীৰত আছে কেলছিয়াম, ভিটামিন ডি, ভিটামিন-এৰ লগতে অন্যান্য বহু জৰুৰী ভিটামিন খনিজ থাকে। গাখীৰৰ পৰা শৰীৰৰ একাধিক উপকাৰ হয়। বহুতৰেই গাখীৰৰ সৈতে এলাৰ্জি থাকে। এই সমস্যাৰ নাম লেক্ট’জ ইনটলাৰেন্স। এই সমস্যা থাকিলে গাখীৰ নোখোৱাটোৱেই ভাল। ইয়াৰ সলনি আপুনি পনিৰ আদি খাব পাৰে।
প্ৰটিনৰ খনি টোফু
টোফু হৈছে ছয়াবিনৰ পৰা তৈয়াৰ কৰা পনিৰ। এই পনিৰ খালে দেহত প্ৰটিনৰ ঘাটি দুৰ হয়। সেয়ে ব্ৰেকফাষ্টত টোফুও খাব পাৰে।
মাছ বা চিকেন খাব পাৰে
‘হেভি ব্ৰেকফাষ্ট’ বহুতেই বেয়া পায়। পুৱাই মাছ বা চিকেন নাখালেও দিনত খোৱা খাদ্যৰ তালিকাত ৰাখিব পাৰে। এই দুবিধ খাদ্যতেই পৰ্যাপ্ত পৰিমানে প্ৰটিন থাকে। দেহত প্ৰটিনৰ চাহিদা আঁতৰাবলৈ মাছ মাংস খাব পাৰে। মাছ, মাংসত উপকাৰী খনিজ আৰু ভিটামিনো আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ