অসম লাইভ২৪ঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত নাটক ‘লভিতা’ক সঁচাকৈয়ে ভুলকৈ উপস্থাপন কৰিছে নেকি আৱাহন থিয়েটাৰে? ৰাজ্যজুৰি সচেতন মহল, তথা একাংশ শিল্পীয়েও নাটকখন বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে। অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে জ্যোতিপ্ৰসাদৰ সৃষ্টিকেই বিকৃত কৰি পেলালে বুলি সামাজিক মাধ্যমত একাংশ সচেতন মহলে আক্ষেপ প্ৰকাশ কৰিছে। অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰৰ এই কাৰুকাৰ্যক লৈ শেহতীয়াভাৱে সৰৱ হৈ উঠিছে জনপ্ৰিয় গায়ক মানস ৰবীনো।
মানস ৰবীনে সামাজিক মাধ্যমত জাতিটো অধপতনে যোৱা বুলি উল্লেখ কৰি আক্ষেপেৰে লিখিছে,’ জাতিটোৰ অধঃপতন যাত্ৰাটো প্ৰত্যক্ষ কৰি আছো। য’ত মুখ্য কাণ্ডাৰীৰ ভুমিকাত আছে জাতিটোৰ মৰমৰ, জনপ্ৰিয়, আগশাৰীৰ মানুহবোৰ। দুৰ্ভাগ্যজনক, বিষয়-লভিতা।’
উল্লেখ্য যে অভিজিৎ ভট্টাচাৰ্য আৰু প্ৰস্তুতি পৰাশৰে যদিও মন্তব্যত লভিতাৰ বিকৃতকৰণৰ কথাটো বৰ্তমানো স্বীকাৰ কৰা নাই। অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধে পূৰ্বতেও নাটক চুৰিৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰিয়ংকা চোপ্ৰা অভিনীত ‘মেৰিকম’ চিনেমাখনকে আকৌ নাটকৰূপে মঞ্চত উপস্থাপন কৰোতেও একেই বিতৰ্কই খেদিছিল অভিজিৎ ভট্টাচাৰ্যক। এইবাৰ ভট্টাচাৰ্যই ৰূপকোঁৱৰৰ নাটককেই মঞ্চত বিকৃত কৰি তুলি আনিলে বুলি বহুতেই আক্ষেপ কৰি থকাৰ সময়তে একাংশ ছচিয়েল মিডিয়া ইউজাৰে অভিজিৎ ভট্টাচাৰ্যক ইতিকিং কৰি লিখিছে,’টেঙৰ মানুহ, জানেই ৰূপকোঁৱৰৰ নাটকত কপিৰাইট লগোৱাৰ চিষ্টেমটো নাই।’
জ্যোতি-বিষ্ণু-ভূপেন হাজৰিকাৰ দৰে কাণ্ডাৰীক কৰা এনে অসন্মানে অসমৰ সাংস্কৃতিক জগতকেই কলুষিত কৰিছে বুলি সচেতন মহলে সামাজিক মাধ্যমত আক্ষেপ প্ৰকাশ কৰিছে। ইপিনে জনতাৰ প্ৰতিবাদ, সামাজিক মাধ্যমত জনোৱা আহ্বানক সঁহাৰি দিবনে প্ৰস্তুতি-অভিজিতে? ক্ষমা খুজিবনে ৰূপকোঁৱৰগৰাকীৰ নাটক বিকৃত কৰাৰ বাবে? সচেতন মহলৰ আশা অন্ততঃ শিল্পীয়ে শিল্পীক বুজিব, এই অসন্মানৰ বাবে প্ৰস্তুতি-অভিজিতে ক্ষমা খুজিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















