অসম লাইভ২৪ঃ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যৰ চৌদিশে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন মহলে ছেবাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে। সমান্তৰালভাৱে ইউটিউবাৰ ডিম্পু বৰুৱাইয়ো নিজা মত ব্যক্ত কৰিছে নিজা ফেচবুক পেজত ডিম্পুয়ে লিখিছিল এষাৰি বিশেষ বাক্য৷ ডিম্পুৱে লিখিছিল, ‘মেট্ৰিক পৰীক্ষা। না এইটো পৰীক্ষাৰে জীৱনত কিবা লাভ হয়, না এইটো পৰীক্ষাত ভালকৈ পাছ কৰিলে কিবা চাকৰি পায়। না এইটো পৰীক্ষাত ভালকৈ পাচ কৰিলে কিবা হয়।’
ডিম্পুৱে লিখা এই বাক্যশাৰীক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে বিতৰ্কৰ৷ সকলো বিতৰ্কৰ উত্তৰ অৱশেষত দিলে ডিম্পুৱে৷ ডিম্পু ভিডিঅ’যোগে কৈছে, মই বহুত কিবা জনা মানুহ নহয়৷ তথাপিও মোৰ অকণ ব্ৰেইন আছে৷ মই কোৱা কথাখিনিৰ লগত আপোনালোকৰ মত নিমিলিব পাৰে৷ এই মেট্ৰিক পৰীক্ষাটো বহুবছৰৰ পৰা চলি আছে৷ মেট্ৰিকৰ পূৰ্বে সন্মান আছিল৷ আগতে আণ্ডাৰ মেট্ৰিক মানেও সন্মান আছিল৷ এতিয়া মেট্ৰিকৰ সেই সন্মান নাই৷ পূৰ্বে মেট্ৰিক পাছ কৰিলে টানি নি চাকৰি দিছিল৷ এতিয়া সেই দিন নাই৷ কিন্তু বৰ্তমান যুগত মেট্ৰিক পঢ়া জীৱনৰ আৰম্ভণিহে৷ মেট্ৰিকক লৈ এতিয়া আৰু প্ৰেছাৰ লোৱাৰ দিন নাই৷ মেট্ৰিকো এটা সাধাৰণ বছৰেকীয়া পৰীক্ষা৷ মেট্ৰিকক লৈ টেলেণ্ট জুখি লাভ নাই এই যুগত৷ কোনোবাই অংক পাৰে কোনোবাই সাহিত্য পাৰে৷ সকলোকে একেধৰণৰ পৰীক্ষাত বহিবলৈ বাধ্য কৰাটো গ্ৰহণযোগ্য নহয়৷ নতুন শিক্ষানীতিৰে আগবাঢ়িলে সকলোৰে উপকাৰ হ’ব বুলি মই ভাৱো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















