অসম লাইভ ২৪ঃ ৪০০ বছৰৰ পাছত এক মহাজাগতিক পৰিঘটনা ঘটিব আজি। আজি শনি আৰু বৃহস্পতি গ্ৰহ পৰস্পৰ কাষ চাপি আহিব। ১৬২৩ খ্ৰীষ্টাব্দৰ পাছত আজি পুনৰ সংঘটিত হ’ব এই মহাজাগতিক ঘটনা। পুনৰ ৬০ বছৰৰ পাছতহে, অৰ্থাৎ ২০৮০ চনত এই বিৰল দৃশ্য দেখিবলৈ পোৱা যাব। উল্লেখ্য আজি নিশা দুয়োটা গ্ৰহৰ মাজৰ দূৰত্ব ৭৩৫ নিযুত কিলোমিটাৰলৈ কমি আহিব। কিন্তু পৃথিৱীৰ পৰা এই বৃহৎ দূৰত্ব থকা স্বত্ত্বেও গ্ৰহ দুটাক ওচৰতে থকা যেন দেখা যাব। সূৰ্যাস্তৰৰ পাছত আজি ভাৰতৰ প্ৰায়বোৰ স্থানৰ পৰাই খালী চকুৰে এই বিৰল দৃশ্য পশ্চিম দিশত দেখা পোৱা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ