ইতিহাসত প্ৰথম, নাগৰিকে নিজেই কৰিব পাৰিব জনগণনা, নিৰ্মাণ হ’ব ৱেব পৰ্টেল আৰু মোাবাইল এপ
ভাৰতত হ’বলগীয়া পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে। এইটোৱেই হ’ব দেশৰ ভিতৰতে প্ৰথমটো ডিজিটেল লোকপিয়ল, য’ত সাধাৰণ লোকে নিজৰ তথ্য অনলাইনযোগে নিজেই পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে চৰকাৰে এটা বিশেষ ৱেব পৰ্টেল মুকলি কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও মোবাইল এপৰ জৰিয়তেও সম্পূৰ্ণ হ’ব লোকপিয়লৰ কাম।
২০২৬ আৰু ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া লোকপিয়লৰ বাবে চৰকাৰে ৱেব পৰ্টেল আৰু মোবাইল এপৰ সহায় লোৱাৰ সিদ্ধান্ত লৈছে। এই মঞ্চসমূহৰ জৰিয়তে নাগৰিকে নিজৰ তথ্য চৰকাৰলৈ নিজেই প্ৰেৰণ কৰিব পাৰিব। এই সুবিধাৰ জৰিয়তে মানুহে নিজকে গণনা কৰিব পাৰিব। ইয়াৰ ফলত লোকপিয়ল প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব।
এই ৱেব পৰ্টেল ৰাষ্ট্ৰীয় লোকপিয়লৰ দুয়োটা পৰ্যায়ৰ বাবে উপলব্ধ হ’ব। সোমবাৰে বিষয়াসকলে জনোৱা মতে, দেশৰ প্ৰথমটো ডিজিটেল লোকপিয়লত চৰকাৰী প্ৰতিনিধিয়ে এণ্ড্ৰইড আৰু এপল মোবাইল ফোনত এপ ব্যৱহাৰ কৰি নাগৰিকৰ তথ্য সংগ্ৰহ কৰিব।
বিশেষ ৱেব পৰ্টেলৰ জৰিয়তে নাগৰিকে নিজৰ তথ্য পূৰণৰ সুযোগ লাভ কৰিব দেশৰ ভিতৰতে। এই পৰ্টেলটো লোকপিয়লৰ দুয়োটা পৰ্যায়ৰ বাবে উপলব্ধ হ’ব – গৃহ তালিকাভুক্ত আৰু গৃহ নিৰ্মাণৰ লোকপিয়ল (HLO) আৰু জনসংখ্যা গণনা।
লোকপিয়লৰ সময়ত ডিজিটেলভাৱে তথ্য সংগ্ৰহ, তথ্য স্থানান্তৰ আৰু সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে অতি কঠোৰ তথ্য সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা এইচ এল অ’ আৰম্ভ হ’ব আৰু তাৰ পিছত ২০২৭ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব, য’ত জনসংখ্যা গণনা কৰা হ’ব।
আগন্তুক লোকপিয়লত ঘৰখনৰ সদস্যসকলৰ জাতি গণনা কৰা হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ, জম্মু-কাশ্মীৰ আৰু উত্তৰাখণ্ডৰ হিমাচল প্ৰদেশৰ বৰফেৰে আবৃত দুৰ্গম অঞ্চলৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰৰ মাজনিশা ১২ বজাৰ পৰা আৰম্ভ হ’ব লোকপিয়ল। একে সময়তে ২০২৭ চনৰ ১ মাৰ্চৰ মাজনিশা ১২ বজাৰ পৰা ভৈয়ামত আৰম্ভ হ’ব।
দেশত লোকপিয়ল আৰম্ভ হোৱাৰ পিছত এইয়া হব ১৬ সংখ্যক লোকপিয়ল আৰু স্বাধীনতাৰ পিছত অষ্টম লোকপিয়ল । ইয়াৰ বাবে ১৬ জুনত এক অধিসূচনা জাৰি কৰা হৈছিল। ভাৰতৰ মহাপঞ্জীয়কে ৰাষ্ট্ৰীয় প্ৰশিক্ষক, মাষ্টাৰ প্ৰশিক্ষক আৰু ক্ষেত্ৰ প্ৰশিক্ষকৰ বাবে তিনিটা স্তৰৰ কেন্দ্ৰীভূত আৰু প্ৰয়োজনভিত্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।
এই বিস্তৃত অনুশীলনৰ বাবে ক্ষেত্ৰ প্ৰশিক্ষকে প্ৰায় ৩৪ লাখ গণনাকাৰী আৰু তত্বাৱধায়কক প্ৰশিক্ষণ দিব। ভাৰতৰ মহাপঞ্জীয়কগৰাকীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ৩১ ডিচেম্বৰৰ পূৰ্বে প্ৰশাসনিক এককসমূহৰ সীমাত যিকোনো প্ৰস্তাৱিত পৰিৱৰ্তন কৰিবলৈ কয়। ৩১ ডিচেম্বৰলৈকে কৰা পৰিৱৰ্তনক লোকপিয়লৰ বাবে চূড়ান্ত বুলি গণ্য কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















