যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত এতিয়াও ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে৷
বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এতিয়াও ১৫ ৰপৰা ২০ গৰাকী ভাৰতীয় শিক্ষাৰ্থী যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ আছে৷ মন্ত্ৰালয়ে তেওঁলোকক উদ্ধাৰ বাবে চেষ্টা কৰি থকা বুলি প্ৰকাশ কৰি কয় যে অ’পাৰেশ্যন গংগা এতিয়াও সামৰণি পৰা নাই৷
‘‘আমি তেওঁলোকক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াইছো৷ খাৰছনত এতিয়াও কিছু লোক আৱদ্ধ হৈ আছে৷ সকলোকে সহায় আগবঢ়োৱাৰ লগতে উদ্ধাৰ কৰা হ’ব, অ’পাৰেশ্যন গংগা সামৰা হোৱা নাই৷’’ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগছিয়ে সংবাদ মাধ্যমৰ আগত কয়৷
লগতে পঢ়ক বন্দুকেৰে স্বামীক মাৰপিট : ক্ৰন্দৰত সন্তানৰ সন্মুখতে দলিত মহিলাক গণধৰ্ষণ উচ্চ বৰ্ণৰ লোকৰ
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে দেশখনত আৱদ্ধ ভাৰতীয়সকলক অনলাইন দ্বাৰা ব্যৱস্থাৰ দ্বাৰা পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছিল৷ অধিকাংশ শিক্ষাৰ্থীসহ দেশখনত আৱদ্ধ হৈ থকা প্ৰায় ২০ হাজাৰ লোকে পঞ্জীয়ন কৰে৷ ইয়াৰে প্ৰায়সকলকে অ’পাৰেশ্যন গংগাৰ দ্বাৰা উদ্ধাৰ কৰা হ’লেও কে’বাজনো ভাৰতীয় এতিয়াও যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ আছে৷
আনহাতে, বাগছিয়ে লগতে প্ৰকাশ কৰিছে যে দেশখনত অধ্যয়নৰত বৃহৎসংখ্যক ভাৰতীয় শিক্ষাৰ্থীয়ে ইউক্ৰেইনতে থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ