১৭ অক্টোবৰ, শুক্ৰবাৰ, সূৰ্যই তাৰ গতিপথ পৰিবৰ্তন কৰি কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যক ৯ টা গ্ৰহৰ ৰজা আৰু আত্মাৰ কাৰক গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ সিংহ ৰাশি সূৰ্যৰ নিজস্ব ৰাশি হলেও তুলা ৰাশিত ইয়াৰ তলৰ ৰাশি হিচাপে বিবেচনা কৰা হয়৷ এই ৰাশি পৰিবৰ্তন কেইবাটাও ৰাশিৰ বাবে বিশেষ হ’ব৷ কিছু ৰাশিৰ জাতকে ইয়াৰ ফলত নতুন সুযোগ আৰু সাফল্যৰ সম্ভাৱনা বৃদ্ধি পাব৷ জানি থওক সূৰ্যৰ তুলা ৰাশিত প্ৰৱেশৰ সৈতে কোন কোন ৰাশিৰ জাতকৰ শুভ সময় আৰম্ভ হ’ব?
সূৰ্যৰ গোচৰত লাভৱান হ’ব ৫ৰাশি
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে তেওঁলোকৰ কৰ্মজীৱন আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন উচ্চতাত উপনীত হোৱাৰ সময়৷ দীৰ্ঘদিন ধৰি ৰৈ থকা প্ৰজেক্ট বা কামত গতি লাভ কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল এই সময়ত লাভ কৰিব৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়াশুনাত সাফল্য লাভ কৰিব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল অৰ্জনৰ সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনতো সহযোগিতা আৰু বুজাপৰা বৃদ্ধি পাব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আৰু মানসিক শক্তিৰ উন্নতি হ’ব৷ দীৰ্ঘস্থায়ী অসুস্থতাৰ পৰা মুক্তি পাব আৰু দৈনন্দিন ৰুটিন উন্নত হ’ব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক সু সংগতিপূৰ্ণ হ’ব৷ বিনিয়োগ আৰু আৰ্থিক বিষয়ত চিন্তাভাৱনা কৰি সিদ্ধান্ত ললে উপকাৰী ফল পাব৷ এই সময়ত ভ্ৰমণ আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণে আপোনাৰ মনত আনন্দ কঢ়িয়াই আনিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আৰ্থিক লাভ আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত সম্প্ৰীতিৰ সময়৷ পুৰণি বিৰোধৰ সমাধান হ’ব পাৰে৷ পাৰস্পৰিক বুজাপৰা বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ সৈতে সম্পৰ্ক ভালে থাকিব৷ বিনিয়োগ, সম্পত্তি আৰু ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হ’ব পাৰে৷ বিবাহিত ব্যক্তিয়ে তেওঁলোকৰ পৰিয়ালত সুখী পৰিবেশ বৰ্তাই ৰখাত সক্ষম হ’ব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সময়৷ নতুন সুযোগ আৰু দায়িত্বই আপোনাক সাফল্য আনি দিব৷ বিনিয়োগৰ সিদ্ধাৰ্থ সঠিক পথত থাকিব৷ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে৷ যিয়ে আপোনাৰ পেছাগত আৰু ব্যক্তিগত জীৱনত উপকৃত কৰিব৷ পঢ়াশুনা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য আহিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এয়া আৰ্থিক লাভৰ সময়৷ বিনিয়োগ, সম্পত্তি বা অৰ্থ সম্পৰ্কিত সিদ্ধান্তসমূহ লাভজনক প্ৰমাণিত হব৷ আপোনাৰ চাকৰি আৰু ব্যৱসায়িক পৰিস্থিতি শক্তিশালী হব৷ পাৰিবাৰিক সমৰ্থন আৰু শান্তি বিৰাজ কৰিব ঘৰত৷ স্বাস্থ্যৰ উন্নতি আৰু মানসিক ভাৰসাম্য বৰ্তি থাকিব আপোনাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















