এসপ্তাহে ২৩ জনৰ জঘন্য কাণ্ডৰ বলি যুৱতী, বৰ্তমানলৈ ৬ গ্ৰেপ্তাৰ
কিমান জঘন্য হব পাৰে কোনো বন্ধুৰ মানসিকতা। একেলগে পঢ়া যুৱকেই সকলো কাঢ়ি লৈ গ’ল বান্ধৱীৰ। এটা সপ্তাহে ধৰি ২৩ লোকৰ কামনাৰ বলি এগৰাকী ১৯ বছৰীয়া যুৱতী। এই ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীত। এসপ্তাহ পূৰ্বে যুৱতীৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপিছিল কন্যা সন্ধানহীন হোৱাৰ বাবে। ২৯ মাৰ্চৰ পৰা সন্ধনাহীন হৈ আছিল যুৱতী, বহু বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান পোৱা নাছিল যুৱতীৰ।
অৱশেষত ৪ এপ্ৰিলত সম্পূৰ্ণ নিচাগ্ৰস্থ লোকৰ দৰে কোনোমতে নিজে আহি উপস্থিত হয় যুৱতী। পাছত যেতিয়া সম্ভিত ঘূৰি আহে, তেতিয়া পিতৃ-মাতৃৰ আগত সদৰি কৰে নিজৰ লগতে এসপ্তাহে হৈ থকা নৰক যন্ত্ৰনাৰ কথা।
নিজৰ লগতেই পঢ়া কেইগৰাকীমান যুৱকে যুৱতীগৰাকীক নি নিচা কৰোৱাই কেইবা ঠাইতো নি এটা সপ্তাহে বিভিন্ন জনৰ লগত দলবদ্ধ ধৰ্ষণ কৰে। যুৱতীগৰাকীয়ে যাতে এই কাৰ্যত বাধা দিব নোৱাৰে তাৰ বাবে বহু নিচা কৰোৱাই দিয়ে যুৱতীক।
পাছত কোনোমতে সেই স্থানৰ পৰা পলাই আহি ঘৰত উপস্থিত হয় যুৱতীগৰাকীষ। লগে লগে কন্যাৰ মুখৰ পৰা সকলো ঘটনা জানিব পাৰি আৰক্ষীৰ কাষ চাপে দুৰ্ভগীয়া পিতৃ। আৰক্ষীৰ ওচৰত সবিস্তাৰে বৰ্ণনা কৰে ঘটনা।
আৰক্ষীয়ে লগে লগে অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ধাৰা ৭০(১) (দলবদ্ধ ধৰ্ষণ), ৭৪ (অত্যাচাৰী বিনয়), ১২৩ (বিষ বা নিচা বা ক্ষতিকাৰক পদাৰ্থ প্ৰদান), ১২৬(২) (চলন-ফুৰণত বাধা দিয়া), ১২৭(২) (অনুচিতভাৱে কাৰাবন্দী কৰা), আৰু ৩৫১(২) (অপৰাধমূলক ভয় দেখুৱাই)ৰ অধীনত অভিযোগ দাখিল কৰা হৈছে।
লগতে যুৱতীয়ে চিনি পোৱা ৬ গৰাকী ধৰ্ষণকাৰীক আৰক্ষীয়ে আটক কৰে। কিন্তু অন্য ১৭ ধৰ্ষণকাৰী যুৱতীৰ অচিনাক্ত হোৱা বাবে আৰক্ষীয়ে ধৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে সকোল স্থানৰে চিচি টিভি ফুটেজ আৰু বিভিন্ন পদ্ধতিৰে তদন্ত কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ