কাইলৈ ২২ ছেপ্টেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই দিনে নিশাই বৃষ ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ পঞ্চমী তিথি৷ কাইলৈ পিতৃপক্ষৰ পঞ্চমী তিথি৷ কাইলৈ পিতৃপক্ষৰ পঞ্চম দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব হৰ্ষণা যোগ, ৰবি যোগ, সিদ্ধি যোগ আৰু বজ্ৰ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে৷
মেষ ৰাশি
কাইলৈ কোনো বিশেষ জ্ঞানী মানুহক কাষত পাই ধন্য হ’ব মেষ ৰাশিত জাতকে৷ এই ব্যক্তিৰ পৰা বহু কিছু শিকিব পাৰিব আপুনি৷ নিজৰ কামৰ বাবে কাৰ্যালায়ৰ ছিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব৷ কোনোৱে আপোনাৰ মনোবল ভঙাৰ চেষ্টা কৰিব পাৰে, তেনে কথাত কাণ নিদিব৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে মেষ ৰাশিৰ জাতক৷ অলপ চেষ্টাতেই বৃহৎ সাফল্য পাব৷
কন্যা ৰাশি
কাইলৈ পঞ্চমী শ্ৰাদ্ধত সিদ্ধি যোগৰ প্ৰভাৱত হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়িক যাত্ৰাৰ পৰা লাভাম্বিত হ’ব৷ ব্যৱসায়ত সন্তোষজনক উন্নতি কৰিব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ চাকৰিত নতুন কোনো কামৰ দায়িত্ব পাব পাৰে আপুনি৷ প্ৰয়োজনত পৰিয়ালক নিজৰ কাষত পাব৷ এনাৰ্জিৰে সকলো কাম সম্পন্ন কৰিব পাৰিব৷
তুলা ৰাশি
হৰ্ষণা যোগৰ শুভ প্ৰভাৱত উন্নতিৰ বেছ কিছু সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ নতুন মাটি বা ঘৰ ক্ৰয়ৰ পথত বাধা নাথাকিব৷ বন্ধুৰ সৈতে কাইলৈ কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ কোনো গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰি সফল নহ’ব৷ ব্যৱসায়ত কাইলৈ বিশেষ উন্নতি কৰিব৷ আপোনাৰ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷
মকৰ ৰাশি
কাইলৈ কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে মকৰ ৰাশিৰ জাতকে৷ সূৰ্যদেৱৰ আশীৰ্বাদত ছাত্ৰ-ছাত্ৰীসকলে কাইলৈ পঢ়াশুনাত সাফল্য লাভ কৰিব৷ কাইলৈ আপুনি নিজৰ পছন্দৰ খাদ্য খোৱাৰ সুযোগ পাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে আনন্দেৰে দিনটো কটাব৷ বিনিয়োগৰ পৰা বৃহৎ লাভ হ’ব৷ কোনো তীৰ্থস্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে৷
কুম্ভ ৰাশি
২২ ছেপ্টেম্বৰ ধ্ৰুৱ যোগৰ শুভ প্ৰভাৱত কোনো সুখবৰ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে৷ আত্মবিশ্বাস তুংগত থাকিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ ব্যৱসায়ৰ পৰা আৰ্থিক সাফল্য আহিব৷ বিনিয়োগৰ পৰা লাভ হোৱাৰ যোগ আছে৷ ভাতৃৰ পৰা প্ৰয়োজনীয় তথ্য পাব৷ সন্তান সম্পৰ্কীয় সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ