কাইলৈ ২৩ আগষ্ট ২০২৫ শনিবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ অমাবস্যা তিথি৷ শনিবাৰে অমাবস্যা পৰাৰ বাবে কাইলৈ হৈছে শনিশ্চৰী অমাবস্যা৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব পৰিঘ যোগ আৰু শিৱ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব মঘা নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ২৩ আগষ্ট অত্যন্ত শুভ দিন মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ সকলো পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷ বন্ধু আৰু আত্মীয়সকলৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্কৰ ভুল বুজাবুজি চলিলে এইবাৰ দূৰ হব৷ সকলো কামতে কাইলৈ পিতৃৰ সাহায্য পাব৷ ব্যৱসায়ীসকলৰ বাবেই কাইলৈৰ দিনটো লাভজনক৷ আৰ্থিক পৰিস্থিতি ভাল হব৷
কৰ্কট ৰাশি
কাইলৈ লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত কেৰিয়াৰত বিশেষ উন্নতি কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই ভাগ্যক নিজৰ কাষত পাব৷ চাকৰি পৰিবৰ্তন কৰিব খুজিলে কাইলৈ আপোনাৰ বাবে দিনটো শুভ হব৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব৷ ভায়েক ভনীয়েকৰ সহায়ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব পাৰে কৰ্কট ৰাশিৰ জাতকে৷
কন্যা ৰাশি
কাইলৈ শনিবাৰে শনিৰ কৃপা থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ সকলো অসম্পূৰ্ণ কাম কাইলৈ সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব৷ পৰিস্থিতিৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব৷ ব্যক্তিগত জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব৷ জীৱনসংগীৰ সৈতে বুজাপৰা আৰু ভালপোৱা থাকিব৷ কৰ্মক্ষেত্ৰত সকলো কামতে সাফল্য আহিব৷
তুলা ৰাশি
কাইলৈ লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত কাৰ্যকৰী আৰু লাভজনক দিন কটাব তুলা ৰাশিৰ জাতকে৷ ৰিয়েল এষ্টেটৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ সকলো বিষয়ত পৰিয়ালৰ সদস্যক কাষত পাব৷ কৰ্মক্ষেত্ৰত তুলা ৰাশিৰ জাতকক সকলোৱে প্ৰশংসা কৰিব৷ সংগীৰ পৰামৰ্শ লাভজনক হব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
ধনু ৰাশি
মঘা নক্ষত্ৰৰ শুভ প্ৰভাৱত কাইলৈ ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত সুখবৰ পাব আপুনি৷ আৰ্থিকভাৱেও লাভবান হব৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ মুক্তি পাব৷ অপ্ৰত্যাশিতভাৱে টকা পইছা আহিব৷ ঘৰৰ পৰিবেশত সুখ, শান্তি আৰু ভালপোৱা থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















