ঘোষণা হ’ল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল। প্ৰতিগৰাকী নাচনীৰে সপোন থাকে এই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বাবে৷ এইবাৰো ৰাজ্যৰ বিভিন্ন কোণৰ পৰা আহি বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত৷ সকলোবোৰৰ মাজত এইবাৰ বিজয়ী হয়৷ সংগীতা ৰাভা। সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ গুৱাহাটী বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট।
এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ প্ৰতিযোগী কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই দলৰ ঢুলীয়া লাচিত গগৈয়ে। শ্ৰেষ্ঠ পেঁপা বাদকৰ সন্মান লাভ কৰিছে পাহাৰী বুঢ়াগোহাঁইৰ দলৰ পেঁপাবাদক গোবিন চন্দ্ৰ গগৈয়ে।
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ আন বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ ফলাফল এদিন পূৰ্বেই ঘোষণা কৰা হৈছিল। গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই বিহু কুঁৱৰী আৰু লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে লাভ কৰিছিল বিহুৰাণীৰ খিতাপ। বিহু সম্ৰাজ্ঞীৰ সৈতে একেলগে তেওঁলোকৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হয়।
বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় এখন মানপত্ৰ৷ ৩১ হাজাৰ টকাৰ চেক, এটা ৰূপৰ মুকুট, ট্ৰফী, সোণৰ অলংকাৰ, এল গোপালৰ তৰফৰ পৰা অলংকাৰ৷ চেনক’ৰ তৰফৰ পৰা অলংকাৰ৷ এটা ভি আই পি, পাৰ্নিল পেলেচৰ উপহাৰ, দুলহনৰ এখন শাৰী, এটি গছপুলি।
আনহাতে বিহু সম্ৰাজ্ঞী সংগীতা ৰাভালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হৈছে, বিহু সম্ৰাজ্ঞীৰ বেজ, বিহু সম্ৰাজ্ঞীৰ দণ্ড, ৰূপৰ মুকুট, সোণৰ অলংকাৰ৷ মানপত্ৰ, ১ লাখ ১১ হাজাৰ ১০১ টকাৰ চেক, এটা চলন্ত ট্ৰফী, এটা স্থায়ী ট্ৰফী, পৰিশ গামখাৰুৰ তৰফৰ পৰা অসমীয়া গহণা৷ অন্যান্য নগদ ৩০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, চেনক’ৰ ফালৰ পৰা অলংকাৰ, পাৰ্নিল পেলেচৰ ফালৰ পৰা এটি উপহাৰ, আন্টীৰ দোকানৰ পৰা উপহাৰ, এটি নিম গছৰ পুলি, দুলহনৰ এখন শাৰী আৰু এটা জাপি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ