চাকৰি দিয়াৰ প্ৰলোভনেৰে তিনিগৰাকী লোকে এগকাৰী কিশোৰীক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷
বুধবাৰে পোহৰলৈ অহা ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত৷
বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা ১০ ফেব্ৰুৱাৰিত তিনিজন লোকে এগৰাকী ১৭ বছৰীয়া কিশোৰীক চাকৰি দিয়াৰ প্ৰলোভন দি ধৰ্ষণ কৰে৷
বুধবাৰে ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬(ধৰ্ষণ) আৰু POCSO আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে৷
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অভিযান চলাই ইতিমধ্যে তিনি অভিযুক্তৰ ভিতৰত এগৰাকী অভিযুক্তৰ লগতে তেওঁৰ পত্নীকো ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৩৯ বছৰীয়া অভিযুক্তৰ পত্নীও উক্ত ঘটনাত জড়িত আছিল৷ ইফালে ঘটনা সংঘটিত কৰিয়ে অন্য দুগৰাকী অভিযুক্ত পলাতক হৈ আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ