হিন্দু ধৰ্মীয় পূজা পাৰ্ৱণত বেল পাতক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়৷ বিশেষকৈ হিন্দু ধৰ্মীয় অন্যতম ভগৱানৰূপে বন্দিত শিৱৰ পূজা অচৰ্নাত বেল পাতৰ মহত্তপূৰ্ণ ভূমিকা আছে৷
ভাৰতত অতি পৱিত্ৰৰূপে চিহ্ণিত বেল গছৰ বৈজ্ঞানিক মান হৈছে এগ্লে মাৰ্মেল’জ৷ এই উদ্ভিদ বিশ্বৰ বিভিন্ন প্ৰান্ততে পোৱা যায়৷ পৱিত্ৰ আৰু ধৰ্মীয় পূজা পাৰ্ৱণত বিশেষকৈ শিৱৰ পূজাত ব্যৱহাৰ হোৱাৰ বাবে ভাৰতৰ প্ৰায়বোৰ মন্দিৰতে বেল গছ ৰোপণ কৰা হয়৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ : আকৌ ‘ন যযৌ ন তস্থৌ’ অৱস্থা ভাৰতৰ!
বেল পাতৰ সুফলঃ
এই বেল গছৰ পাত মানুহৰ স্বাস্থ্যৰ বাবেও অতি উপাদেয়৷ অৰ্থাৎ ইয়াৰ ঔষধী গুণ আছে৷ বেল পাতত কেলছিয়াম, আইৰণ, টেনিন, মেগনেছিয়াম আৰু পটেছিয়াম আদি ৰাসায়নিক পদাৰ্থ থাকে৷ এই পাত দৃষ্টিশক্তি হেৰুওৱা, বদহজম, পেটৰ অসুখ, ষ্ট্ৰোক আদিৰ বাবেও সুফলদায়ক৷
বেল গছ আৰু পাতৰ গুৰুত্বঃ
বেল গছৰ চাৰিওফালে সাপ নাহে। যদি বেল গছ বাসস্থানৰ উত্তৰ-পশ্চিমত থাকে, তেন্তে ই গৌৰৱ বৃদ্ধি কৰে৷ বাসস্থানৰ মাজত থাকিলে জীৱনত মাধুৰ্যতা থাকে আৰু যদি ই উত্তৰ-দক্ষিণত থাকে তেন্তে সুখ আৰু শান্তি বৃদ্ধি হয়।
বেল গছৰ বায়ুমণ্ডলৰ সকলো প্ৰদূষণ শোষণ কৰাৰো ক্ষমতা আছে। ই বায়ুমণ্ডলক বিশুদ্ধ কৰে৷
লগতে পঢ়ক যুদ্ধপিপাসু ৰাছিয়াক শিক্ষা ইউক্ৰেইনৰ : ৪.৫ হাজাৰ ৰুছ সৈন্যক হত্যা, শতাধিক টেংক ধ্বংস
ধৰ্মীয় বিশ্বাসঃ
জন বিশ্বাসৰ আছে যে বেল গছ কাটি গোটেই বংশ ধ্বংস হয় আৰু এই গছ গছ ৰোপণ কৰিলে বংশ বৃদ্ধি হয়। ৰাতিপুৱা আৰু সন্ধিয়া বেল গছ প্ৰত্যক্ষ কৰিলে পাপ মোচন হয় বুলিও কোৱা হয়। জীৱনত মাত্ৰ এবাৰ ভুলবশতঃ শিৱ লিংগত বেল পাত আগবঢ়ালেও সকলো পাপ খণ্ডন হয় বুলি কোৱা হয়৷
আনহাতে, ৪, ৫, ৬ বা ৭ পাতযুক্ত বেল পাত পালে তেওঁক ভাগ্যৱান বুলি ধৰা হয়৷ ইয়াৰ মাজত চাৰি বা পাঁচ পাতযুক্ত বেল পাত লাভ কৰিলে অধিক সৌভাগ্যশালী বুলি বিশ্বাস কৰা হয়৷ এই পাত শিৱৰ চৰণত আগবঢ়ালে অধিক সুফল পোৱা যায় বুলি বিশ্বাস কৰা হয়৷
লগতে পঢ়ক Mahashivratri 2022 : কোন কোন ৰাশিৰ লোকৰ শিৰত ভগৱান শিৱৰ কৃপাদৃষ্টি থাকিব?
৪ আৰু ৫ পাতযুক্ত বেল পাতৰ গুৰুত্বঃ
৪ আৰু ৫ পাতযুক্ত বেল পাত লাভ কৰাতো অতি সৌভাগ্যশালী বুলি কোৱা হয়৷ ইয়াৰপৰা সুফল লাভ কৰিবলৈ তলত উল্লেখ কৰাৰ দৰে বেলপাতবোৰ ব্যৱহাৰ কৰিব লাগিব৷ সাধাৰণতে এই ৪ বা ৫ পাতযুক্ত বেলপাতক দুই ধৰণে ব্যৱহাৰ কৰা হয়৷
৪ বা ৫ পাতযুক্ত পাতত ৰক্ত চন্দন থাকে৷ যদি ৰক্ত চন্দন নাথাকে তেতিয়া নিজেই ৰক্ত চন্দন সানি ল’ব লাগে৷ ইয়াৰ পিছতে প্ৰতিটো পাতত ঔমঃ নমঃ শিৱায়ঃ উচ্চাৰণ কৰি লিখিব লাগে৷ ইয়াৰ পিছতে এই বেল পাত শিৱ লিংগত পৱিত্ৰতাৰে অৰ্পণ কৰিব লাগে৷ এইদৰে শিৱলিংগত অৰ্পণ কৰি আৰাধ্য ভগৱনাৰ পৰা বিচৰা সকলোবোৰ উচ্চাৰণ কৰি বিচাৰিব লাগে৷ এইদৰে বিচাৰিলে বিচৰা সকলোবোৰ লাভ কৰিব পাৰি৷
দ্বিতীয়তে, শিৱলিংগৰ পৰা বেলপাতবোৰ লৈ আহি ঘৰতে এটা ফ্ৰেমত বন্ধোৱাই ঘৰতে থোৱা দেখা যায়৷ এইটো কৰিব নালাগে৷ শিৱলিংগত অৰ্পণ কৰা বেলপাত ঘৰলৈ আনিব নালাগে৷ এই পাত লাভ কৰাৰ পিছতে প্ৰতিটো পাততে ঔমঃ নমঃ শিৱায়ঃ অংকিত কৰিব৷ ইয়াৰ পিছতে কোনো মন্দিৰ, দেৱালয় আদিত থকা শিৱক স্পৰ্শ কৰাই ঘৰলৈ আনি ফ্ৰেমত আৱদ্ধ কৰিব লাগে৷
এইদৰে ৪ আৰু ৫ পাতযুক্ত বেলপাত ব্যৱহাৰ কৰিলে সৌভাগ্যশালী হয় বুলি হিন্দু ধৰ্মীয় দৰ্শনত বিশ্বাস আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















