নাম তেওঁৰ জুলি৷ এগৰাকী টিকটক লেডী৷ বয়স প্ৰায় ৪৪ বছৰ৷ জুলিয়ে নিজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে চ’ছিয়েল মিডিয়াৰ যোগে খোলোচা কৰিছিল৷
জুলিৰ প্ৰেমৰ সম্পৰ্কই নেটিজেনসকলক মাজত বিশেষ আমোদ দিয়াৰ লগতে চৰ্চাও লাভ কৰিছিল৷ ব্ৰিটিছ সংবাদ পত্ৰ দ্য চান-এ জুলিৰ টিকটক ভিডিঅ’ৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছিল যে মহিলাগৰাকীয়ে দৰমহা দি ৰাখিছে প্ৰেমিক৷
মহিলা গৰাকীয়ে প্ৰকাশ কৰা মতে তেওঁতকৈ ১৫ বছৰে কনিষ্ঠ প্ৰেমিকক দৰমহা দি ৰাখিছে৷ প্ৰেমিকে তাৰ বিনিময়ত প্ৰেমিকাৰ সকলোবোৰ কাম কৰি দিব লাগে৷
দৰমহাৰ বাবদ ২৯ বছৰীয়া প্ৰেমিকে জুলিৰ ঘৰৰ সকলো কাম, যেনে ছুইমিং পুল চাফা কৰা, ঘৰ চাফা কৰা, পাকঘৰৰ কাম, আহাৰ ৰন্ধা মুঠতে সকলোবোৰেই কৰিব লাগে৷
ইয়াৰ বাবদত জুলিয়ে প্ৰেমিকক মাহে প্ৰায় ১৫ লাখ টকাৰ দৰমহা দি আহিছে৷ অৱশ্যে, কিছু মাহৰ পূৰ্বে প্ৰেমিকে চুইমিং পুল চাফা কৰিবলৈ পাহৰি যোৱাৰ বাবে দৰমহা ৪ লাখ হ্ৰাস কৰি ১১ লাখ কৰিছে৷
জানিব পৰা মতে জুলি এগৰাকীৰ অতি ধনী মহিলা৷ তেওঁৰ এটা বৃহৎ অট্টালিকা, বিলাসী বাহনৰ লগতে বৃহৎ বেংক ব্লেঞ্চ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ