ধেমাজীত ৭৪ বৰ্ষীয় বৃদ্ধই নিজৰেই বন্ধুৰ ৭ বছৰীয়া নাতিনীক…বৰ্তমানে পলাতক
ধেমাজিৰ চিচিবৰগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা ৷ যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি এটি ৭ বছৰীয়া শিশু৷ ঘটনাৰ পাছতে চিচিবৰগাঁও আৰক্ষী চকীত গোচৰ ৰুজু৷ পাছে ঘটনা সংঘটিত কৰিয়ে বৃদ্ধৰ পলায়ন৷
চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা। ৭৪ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় এগৰাকী দ্বিতীয় শ্ৰেণীত অধ্যনৰত ৭ বছৰীয়া কন্যা শিশু ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত দেওবাৰে আবেলি প্ৰায় ৩ মান বজাত লগৰ কেইটিমান শিশুৰ সৈতে ঘৰৰ কাষৰে এঘৰত খেলি আছিল। সেই সময়তে কন্যাটিৰ ককাকৰ লগৰ চুবুৰীয়া বীৰেণ চুতীয়া নামৰ ৭৪ বছৰীয়া লম্পতে শিশুটিৰ হাতত ধৰি লগৰীয়া সকলৰ মাজৰ পৰা টানি নি কাষতে থকা হাবিৰ মাজলৈ নি অসৎ কামনা চৰিতাৰ্থ কৰে ।
অধাঘণ্টামানৰ পিছত লগৰীয়া এগৰাকী ছোৱালীয়ে ঘটনাটোৰ কথা শিশুটিৰ মাকক অৱগত কৰাত হুৱাদুৱা লাগে আৰু কণ্যাটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে ।
সেই সন্দৰ্ভত শিশুটিৰ পৰিয়ালে দেওবাৰে নিশাই চিচিবৰগাঁও আৰক্ষী চকীত লম্পত বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও লম্পট বীৰেণ চুতীয়াই গোচৰ ৰুজু কৰা সন্দৰ্ভে জানিব পৰাৰ লগে লগে পলায়ন কৰে।
কালি ঘটনাস্থলিত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । লম্পট বীৰেণ চুতীয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে কন্যা শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ