এগৰাকী দুগৰাকী নহয় ৯০ গৰাকীকৈ স্পাইজেট পাইলটৰ বিমান উৰণত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে৷ ভাৰতীয় অসামৰিক বিমান পৰিবহন সঞ্চালকাল(DGCA)এ স্পাইজেটৰ ৯০ গৰাকী পাইলটৰ বিৰুদ্ধে ব’য়িং ৭৩৭ মেক্স এয়াৰক্ৰাফ্ট বিমান উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷
সঞ্চালকালয়ে এই ৯০ গৰাকী পাইলটে বিমান উৰণৰ উপযুক্ত প্ৰশিক্ষণ গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি বিমান উৰণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে৷
‘‘এই মুহূৰ্তত, আমি পাইলটসকলক এয়াৰক্ৰাফ্ট উৰণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছো৷’’ DGCAৰ প্ৰধান অৰুণ কুমাৰে কয়৷
লগতে পঢ়ক কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?
তেওঁ লগতে উক্ত পাইলটসকলৰ লগতে এই সোৰোপালিৰ কাৰণে দায়ৱদ্ধসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰিছে৷
উল্লেখ্য যে ইউথিঅ’পিয়া এয়াৰলাইনছৰ ৭৩৭ মেক্স এয়াৰক্ৰাফ্টৰ এখন বিমান এড্ডিছ আবাবাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তিনিদিনৰ পিছতে ২০১৯ চনৰ ১৩ মাৰ্চৰ পৰা ভাৰতীয় অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ভাৰতত ব’য়িং ৭৩৭ মেক্স বিমানৰ উৰণ বন্ধ ৰাখিছিল৷
উক্ত বিমান দুৰ্ঘটনাত চাৰিগৰাকী ভাৰতীয়সহ ১৫৭ গৰাকী বিমানযাত্ৰী নিহত হৈছিল৷ কিন্তু মাৰ্কিন যুক্তৰাষ্টৰ এটা বিমান নিৰ্মাণ প্ৰতিষ্ঠানে ৭৩৭ ব’য়িং বিমানসমূহৰ ছফ্টৱেৰ উন্নীতকৰণ কৰাৰ পিছতে DGCAএ বিগত বৰ্ষৰ আগষ্ট মাহত এই বিমানসমূহ পুনৰ উৰণৰ বাবে অনুমতি প্ৰদান কৰে৷
লগতে পঢ়ক ১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ
ইফালে নিষিদ্ধকৰণৰ পিছতে স্পাইজেটেও তেওঁলোকৰ ৯০ গৰাকী বৈমানিকৰ বিমান উৰণৰ ক্ষেত্ৰত DGCAএ প্ৰতিবন্ধকতা আৰোপ কৰাৰ কথা নিশ্চিত কৰিছে৷
প্ৰতিষ্ঠানটোৱে কয় যে ৬৫০ গৰাকী পাইলটক ব’য়িং ৭৩৭ মেক্স বিমানৰ উৰণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ DGCAএ পৰ্যবেক্ষণ কৰাৰ পিছত ইয়াৰে ৯০ গৰাকী পাইলটৰ বিৰুদ্ধে বিমান উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷
এই নিষেধাজ্ঞাই স্পাইজেটৰ সেৱাত কোনোধৰণৰ প্ৰভাৱ নেপেলাই বুলিও প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ