অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌৰ গণ সংক্ৰমণে ভাৰতত লৈছে ভয়ংকৰ ৰূপ। ভাৰতত দৈনিক ক’ৰোনা আক্ৰান্তই গঢ়িছে ৰেকর্ড। হাস্পতালে হাস্পতালে এতিয়া ক’ৰোনা ৰোগী আৰু আত্মীয়ৰ আর্তনাদ। দৈনিক হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে এই মহামাৰীত। অক্সিজেনৰ অভাৱত মৃত্যু হৈছে অনেকৰ। এনে পৰিস্থিতিত ভাৰতৰ কাষত থিয় দিছে বৈৰী দেশ পাকিস্তানে। শুকুৰবাৰে পাকিস্তানৰ জনপ্ৰিয় ক্ৰিকেটাৰ ছোৱেব আখটাৰে নিজৰ টুইটাৰ হেণ্ডেলত আপলোড কৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ এই জটিল সময়ছোৱাত সহায়ৰ হাত আগবঢ়াবলৈ পাকিস্তান চৰকাৰক অনুৰোধ জনাইছে। ভিডিঅ’টোত তেওঁ কয়- ‘ভাৰতত প্ৰয়োজন বহু পৰিমাণৰ অক্সিজেন টেংকৰ। সেয়েহে সকলোৱে ভাৰতৰ বাবে পুঁজি সংগ্ৰহত সহায় কৰক।’ আনহাতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানেও টুইটৰ জৰিয়তে এই জটিল সময়ছোৱাত ভাৰতবর্ষৰ লগত আছো বুলি জানিবলৈ দিছে। উল্লেখযোগ্য যে ইতিমধ্যে পাকিস্তানত #indianeedoxygen টুইটাৰত ১ নম্বৰত ট্ৰেণ্ড কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ