• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাস্থ্যমন্ত্ৰী হিমন্তলৈ উদ্বিগ্ন IMAৰ পত্ৰ

স্বাস্থ্যমন্ত্ৰী হিমন্তলৈ উদ্বিগ্ন IMAৰ পত্ৰ

6 years ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

19 minutes ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

47 minutes ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

1 hour ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

2 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

3 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

4 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

4 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

4 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

5 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

5 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

7 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

স্বাস্থ্যমন্ত্ৰী হিমন্তলৈ উদ্বিগ্ন IMAৰ পত্ৰ

ক’ৰোনা চিকিৎসা সম্পৰ্কীয় কাৰ্যপন্থাক লৈ উদ্বিগ্নতা

editor by editor
July 7, 2020
in অসম, ক'ভিড-১৯
0
স্বাস্থ্যমন্ত্ৰী হিমন্তলৈ উদ্বিগ্ন IMAৰ পত্ৰ
61
SHARES
343
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ৰোনাকালত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে অথবা নতুন কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত যি কাৰ্যপন্থা হাতত লৈছে তাক লৈ গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন চমুকৈ IMA-ৰ অসম শাখাই। স্বাস্থ্য তথা সমাজ কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে সংস্থাটোৱে। পত্ৰখনত লিখা হৈছে যে যি সময়ত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে এনে সময়ত যদি যথোচিত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে চৰকাৰৰ পক্ষে পৰিস্থিতি নিয়ন্ত্ৰণ অসম্ভৱ হৈ উঠিব।

মানৱ সম্পদৰ পৰিকল্পনা নকৰাকৈ মাথোঁ চিকিৎসালয়ৰ বিছনাৰ সংখ্যা বৃদ্ধি এক বৃথা প্ৰচেষ্টা হ’ব। কাৰণ প্ৰয়োজন অনুপাতে চিকিৎসক তথা চিকিৎসাকৰ্মীৰ অভাৱ।

ক’ভিড ৱাৰ্ডত চিকিৎসক তথা চিকিৎসাকৰ্মীসকলক অবিৰতভাৱে ১১ দিনৰ বাবে কামত নিয়োজিত কৰা, তাৰ পাছত মাথোঁ ৩টা দিনৰ বাবে কোৱাৰেণ্টীনৰ ব্যৱস্থা কৰা আৰু পৰীক্ষাত ক’ভিড নিগেটিভ ওলালে পুনৰ কামত নিয়োজিত কৰা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে IMA-এ।

ক’ভিড ডিউটীত নিয়োজিতসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ‘এণ্টিজেন টেষ্ট’ৰ বিভাগীয় সিদ্ধান্তৰ বিৰোধিতা কৰিছে IMA-এ। কাৰণ ‘ইণ্ডিয়ান কাউন্সিল অব্ মেডিকেল ৰিচাৰ্ছ’ চমুকৈ ICMR-এ উল্লেখ কৰিছে যে এই পৰীক্ষা পদ্ধতিটো কম ফলদায়ক। এই পৰীক্ষাই ক’ভিত আক্ৰান্তৰ সম্ভাৱনা নস্যাৎ কৰিব নোৱাৰে।

ইতিমধ্যে বুজনসংখ্যক চিকিৎসক-স্বাস্থ্যকৰ্মী এই মহামাৰীত আক্ৰান্ত হৈছে। আৰু চৰকাৰৰ অপৰিকল্পিত তথা যথাৰ্থতাহীন পদক্ষেপে চিকিৎসক-স্বাস্থ্যকৰ্মীসকলক অধিক বিপদাপন্ন কৰিব। এনে পৰিস্থিতি হ’লে আৰু বেছিদিন নাই, যিদিনা হয়তো নিজৰ শৰীৰত মহাব্যাধি ক’ৰোনা লৈয়ে ৰোগীক শুশ্ৰূষা কৰিব লাগিব চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে।

ক’ৰোনাৰ চিকিৎসাত ব্ৰতী কিয় ইমানসংখ্যক চিকিৎসক আৰু চিকিৎসাকৰ্মী ক’ৰোনাত আক্ৰান্ত হৈছে এই সন্দৰ্ভত বিতং পৰ্যালোচনাৰ বাবে চৰকাৰক দাবী জনাইছে IMA-এ।

IMAৰ অসম শাখাৰ বিশেষ পত্ৰ

ক’ভিড আক্ৰান্তৰ ক্ষেত্ৰত ICMR-ৰ পৰামৰ্শৰাজিক আখৰে আখৰে পালন কৰিবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছে IMA-এ। অৰ্থাৎ ICMR-ৰ মতে স্ব-গৃহত চিকিৎসা আৰু যতন লাভ কৰিবলৈ যিসকলে বৈধতা লাভ কৰিছে তেওঁলোকক সেইধৰণেই চিকিৎসা লাভৰ সুযোগ দিয়া উচিত। কাৰণ অসংখ্য লোকক সেৱা আগবঢ়াবলৈ চৰকাৰৰ আন্তঃগাঁথনিৰ অভাৱ।

সংগোপনে তথা জধে-মধে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে স্বাস্থ্যসেৱাৰ অভিজ্ঞ লোক তথা সংস্থাক বিশ্বাসত লৈ কৰ্মপন্থা হাতত ল’বলৈ চৰকাৰক আহ্বান জনাইছে IMA-এ। অন্যথা যিকোনো মুহূৰ্তত মুখথেকেচা খাব পাৰে চৰকাৰৰ দ্বাৰা বহুলভাৱে প্ৰচাৰিত SUCCESSFUL ASSAM MODEL-এ। ৰাজ্যিক সভাপতি ডাঃ সত্যজিৎ বৰা আৰু ৰাজ্যিক সম্পাদক ডাঃ হেমাংগ বৈশ্য স্বাক্ষৰিত IMA-ৰ পত্ৰই দৰাচলতে প্ৰশ্নৰ উদ্ৰেক ঘটাইছে- চৰকাৰে দাবী কৰা ধৰণে ক’ৰোনা সম্পৰ্কীয় কাম-কাজ প্ৰকৃতাৰ্থত সুচাৰুৰূপত চলিছেনে? যথোচিত কাৰ্যপন্থা গ্ৰহণ কৰিছেনে ৰাজ্য চৰকাৰে? নে ভয়ংকৰ ভুলৰ মাজেৰেই চলিছে সকলো কাম-কাজ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: himanta biswa sarmaICMRindian medical associationletter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
ক’ৰোনাৰ আতংকৰ মাজতো পথাৰত সপোনৰ গোঁজ ৰুইছে চহা কৃষকে

ক'ৰোনাৰ আতংকৰ মাজতো পথাৰত সপোনৰ গোঁজ ৰুইছে চহা কৃষকে

ৰাজ্য তোলপাৰ কৰা কবিতাটো…

ৰাজ্য তোলপাৰ কৰা কবিতাটো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.