অসম লাইভ ২৪ঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অপমানৰ অভিযোগ। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলে পত্ৰ প্ৰেৰণ কৰে উপৰাজ্যপাল অনিল বৈজলক। অৰবিন্দ কেজৰিৱাললৈও পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ মাজত পুনৰ সৃষ্টি হৈছে বিবাদৰ। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পাটেলৰ অভিযোগ অনুসৰি, প্ৰেছ কনফাৰেন্সৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ পিছফালে থকা দুখন ধ্বজাত বগা অংশত সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপন কৰিছে পাটেলে।

প্ৰহ্লাদ সিং পাটেলে পত্ৰযোগে অৰবিন্দ কেজৰিৱালক ইয়াৰ শুধৰণি কৰিবৰ বাবে আহ্বান জনোৱাৰ লগতে অনিল বৈজলকো বিষয়টো গুৰুত্ব সহকাৰে ল’বৰ বাবে আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















