অসম লাইভ ২৪ঃ দুবছৰীয়া শিশুৰ দেহত কোভিড ভেকচিনৰ পৰীক্ষণ। ভাৰতত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা হৈছে এই পৰীক্ষণ। দুবছৰীয়া শিশুৰ দেহত এই পৰীক্ষণ সম্পন্ন কৰে ভাৰত বায়’টেকে। কানপুৰৰ প্ৰখৰ হাস্পতালকে ধৰি ভাৰতত ৫টা স্থানত সম্পন্ন কৰা হয় পৰীক্ষণ। ভাৰত বায়’টেকৰ কোভিড ভেকচিন ‘কোভাক্সিন’ পৰীক্ষামূলকভাৱে প্ৰদান কৰা হয় শিশুসকলৰ দেহত। ১২-১৮ বছৰৰ শিশুসকলৰ ক্ষেত্ৰত দ্বিতীয় বাৰৰ বাবে ভাৰত বায়’টেকে সম্পন্ন কৰে পৰীক্ষণ। ২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলক তিনিটা পৃথক গ্ৰুপত পৰীক্ষামূলকভাৱে প্ৰদান কৰে ভেকচিন। প্ৰথম গ্ৰুপত ২-৬ বছৰৰ শিশু, দ্বিতীয় গ্ৰুপত ৬-১২ বছৰৰ শিশু আৰু তৃতীয়টো গ্ৰুপত ১২-১৮ বছৰৰ কিশোৰসকলক প্ৰদান কৰা হয় ভেকচিন। প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ পাছত ১২ বছৰৰ তলৰ শিশুসকলকো অন্তৰ্ভুক্তি কৰে দ্বিতীয় পৰ্যায়ত। ইতিমধ্যে দেশত ১৮ ঊৰ্ধ্বৰ ব্যক্তিসকলক ভেকচিন প্ৰদান কৰি থকা হৈছে। উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰ, পোলেণ্ড, ফিনলেণ্ড আদি দেশত ছমহীয়া শিশুৰ দেহত ফাইজাৰে ইতিমধ্যে পৰীক্ষামূলকভাৱে কোভিড ভেকচিন প্ৰদান কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















