অসম লাইভ ২৪ঃ ভাৰত চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ভাৰতীয় সেনাই সাজু কৰিছে শক্তিশালী মিছাইল ‘পিনাকা’৷ দেশীয়ভাৱে নিৰ্মিত মিছাইল পিনাকা এম বি আৰ এল বৰ্তমান সাজু কৰা হৈছে অৰুণাচলৰ ভাৰত-চীন সীমান্তত৷ লগতে সাজু কৰি ৰখা হৈছে ৰুছত নিৰ্মিত বিএম-৩০ এম বি আৰ এল৷ শুকুৰবাৰে ভাৰতীয় সেনাই অসমত প্ৰদৰ্শন কৰে পিনাকা আৰু স্মাৰ্চ মাল্টি ৰকেট লঞ্চাৰ চিষ্টেম৷ বিশ্বৰ শক্তিশালী মিছাইলসমূহৰ মাজৰ অন্যতম মিছাইল পিনাকা এম বি আৰ এলে ৪০-৬৫ কিঃমিঃ নিলগৰ পৰাও নিৰ্দিষ্ট লক্ষ্য ভেদ কৰিব পাৰে৷ ৪০ ছেকেণ্ডত পিনাকাই নিক্ষেপ কৰিব পাৰে ১২টা মিছাইল আৰু এবাৰত কঢ়িয়াব পাৰে ২৫০ গ্ৰাম বিষ্ফোৰক৷ পিনাকা আছে অত্যাধুনিক ৰাডাৰ প্ৰণালী৷ পিনাকা এম বি আৰ এল ভাৰতৰ এক অন্যতম শক্তিশালী মিছাইল৷ ৯০ কিমি পৰিসীমাৰ ভিতৰত জুই লগাব পাৰে এই মিছাইলে৷ লাডাখ সীমান্ততো সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে পিনাকা এম বি আৰ এল আৰু বিএম-৩০ এম বি আৰ এল৷ DRDOই নিৰ্মাণ কৰা উন্নত পিনাকা মিছাইল সফল পৰীক্ষণ সম্পন্ন হৈছিল বিগত বৰ্ষৰ ৪ নবেম্বৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ