অসম লাইভ ২৪ঃ বৰ্তমানৰ ব্যস্ত আৰু পৰিৱৰ্তিত জীৱনশৈলীত নিজৰ ছালখনৰ যত্ন ৰখাটোৱেই এক ডাঙৰ সমস্যালৈ পৰিণত হৈছে৷ ফলত ছালখন ক্ৰমাৎ বেয়া হ’বলৈ আৰম্ভ কৰে৷ নিশ্চয় এই সম্যাত প্ৰায় প্ৰতিগৰাকী মহিলাই ভুক্তভোগী৷ বিশেষকৈ ঠাণ্ডাৰ দিনকেইটাত ছালৰ যত্নৰ বিশেষ প্ৰয়োজন৷
আৰু আপোনাৰ ছালখনৰ বাবে এবিধ যাদুকৰী উপাদান হৈছে হালধী৷ হালধী খোৱা আৰু ছালত লগোৱা দুয়োটাৰেই বহুখিনি যাদুকৰী গুণ আছে৷ হালধীৰ দ্বাৰা ছালৰ হেৰুৱা উজ্জলতা পোৱা যায়৷ ছাল দাগ, শালমন আদিও ভাল কৰে হালধীয়ে৷
পুৱা কেচা হালধীৰ ৰসৰ সৈতে গাখীৰ মিহলাই খালে বহু উপকাৰ পোৱা যায়৷ ইয়াৰ উপৰি হালধীৰ পেষ্ট বনাইও ছালত লগাব পাৰি৷ বয়লৰ চাপ নোহোৱা কৰে হালধীয়ে৷ হালধীৰ সৈতে বেচন, দৈ আৰু নেমু মিহলাই লগালে সোনকালেই সুফল পোৱা যায়৷
ছালৰ যিকোনো সমস্যা যেনে- খজুৱতী, দাগ, এলাৰ্জী আদিৰ পৰা উপশম পাবৰ বাবে হালধী এবিধ মহৌষধ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ