অসম লাইভ ২৪ঃ আজি অযোধ্যলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ বিজেপি শাসিত ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে আজি অযোধ্যা ভ্ৰমণ কৰিব৷ পুৱা ১১ বজাত উপস্থিত হ’ব অযোধ্যাত৷ ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিহাৰ আৰু নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীও আছে দলটোত৷
বাৰানসীত অনুষ্ঠিত কাশী বিশ্বনাথ কৰিড’ৰ মুকলি আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত বুধবাৰে অযোধ্যা দৰ্শন কৰিব মুখ্যমন্ত্ৰীৰ দলটোৱে৷ ইফালে, বাবৰি মছজিদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়ৰ পাছত প্ৰথমবাৰৰ বাবে অযোধ্যাত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা৷
২০১৯ চনত ৰাম জন্মভূমিত বাবৰি মছজিদৰ গোচৰ সন্দৰ্ভত প্ৰদান কৰিছিল ৰায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ