দেশত ইতিমধ্যে আৰম্ভ হৈছে কোভিডৰ তৃতীয় ঢৌৰ ভয়াৱহতা৷ দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা৷ তাৰ সমান্তৰালকৈ পুনৰ আৰম্ভ হৈছে ব্লেক ফাংগাছৰ আতংক৷ মাৰাত্মক অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণৰ মাজতে মুম্বাইত পুনৰ ব্লেক ফাংগাছৰ আক্ৰান্তৰ ঘটনা৷ এগৰাকী ৭০ ঊৰ্ধৰ ব্যক্তিৰ দেহত ধৰা পৰিছে ব্লেক ফাংগাছৰ অৱস্থিতি৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী৷ মিউকৰমাইক’ছিচ অৰ্থাৎ ব্লেক ফাংগাছক ‘লক্ষণীয় ৰোগ’ হিচাপে চিনাক্ত কৰা হৈছিল কোভিডৰ দ্বিতীয় ঢৌৰ সময়ছোৱাত৷ মুম্বাইত নিশ্চিত হৈছে ২০২২ বৰ্ষৰ প্ৰথমটো ব্লেক ফাংগাছৰ ঘটনা৷ বিগত ৫ জানুৱাৰীত কোভিড পজিটিভ হৈছিল ব্যক্তিগৰাকীৰ৷ তাৰ পাছতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত ১২ জানুৱাৰীত চিকিৎসালত ভৰ্তি কৰোৱা হয় আৰু তেতিয়াই ধৰা পৰে ব্লেক ফাংগাছত আক্ৰান্ত হোৱাৰ কথা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















