যৌনতা এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া৷ বিশ্ব সংসাৰৰ সকলোতকৈ আদিম কাৰ্য হৈছে যৌনতা৷ তৎস্বত্তেও বৰ্তমান সময়ত অধিকাংশ লোকেই যৌনতা সম্বন্ধে মুকলিকৈ ক’বলৈ সংকোচ কৰে৷ এইক্ষেত্ৰত ভাৰতত বিশেষভাৱে যৌনশিক্ষাৰ প্ৰয়োজন৷
সম্প্ৰতি এক কণ্ডম প্ৰস্তুতকাৰী সংস্থাই কৰা এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি, যৌনতাৰ ক্ষেত্ৰত আগুৱাই গৈছে গ্ৰীচ৷ তথ্য অনুসৰি গ্ৰীচৰ ৮৭ শতাংশ প্ৰাপ্তবয়স্ক পুৰুষ সপ্তাহত এবাৰকৈ সংগমত লিপ্ত হয়৷ ২৬ খন দেশৰ ৩০ হাজাৰ মানুহৰ মাজত কৰা হৈছিল এই সমীক্ষা৷
এই সমীক্ষা অনুসৰি ভাৰতত বৰ্তমানেও যৌনতা সন্দৰ্ভত সম্পূৰ্ণ সজাগ নহয় জনসাধাৰণ৷ ভাৰতৰ ৯৫ শতাংশ লোকেই কণ্ডম অবিহনে সংগমত লিপ্ত হ’বলৈ পচণ্ড কৰে৷ বেছিভাগ মহিলাই জ্ঞাত নহয় যৌন শিক্ষা সন্দৰ্ভত৷ বহুক্ষেত্ৰত পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় যৌনতাৰ দিশটো৷
ইয়াৰ বিপৰীতে, আমেৰিকা আৰু ইংলেণ্ডত যৌনতা সন্দৰ্ভত কোনো বাধ্যবাধকতা নাই৷ এই দেশসমূহত পুৰুষ মহিলা উভয়েই এক্সপেৰিমেণ্ট কৰি বেছি উপভোগ কৰে যৌন সম্পৰ্ক৷
সমীক্ষা মতে, ব্ৰাজিলৰ ৮৮ শতাংশ মহিলাই মিলনৰ শেষত অৰ্গাজম নোহোৱা কথা গোপনে ৰাখে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















