দেশত দ্য কাশ্মীৰ ফাইলছৰ বিতৰ্কই ছানি ধৰি থকাৰ সময়তে দক্ষিণৰ এখন ছবিয়ে ভাৰতীয় ছবি হিচাপে বিশ্বজুৰি অভিলেখ সৃষ্টি কৰিছে৷
পৰিচালক এছ এছ ৰাজামৌলীৰ RRR নামৰ দক্ষিণৰ ছবিখনে বিশ্বজুৰি মুক্তি লাভ কৰাৰ দিনাই ২৫৭ কোটি টকা সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰিছে৷
ইফালে ছবিখনে মুক্তিৰ দিনাই আমেৰিকাৰ এটা ছবিগৃহত মাত্ৰ প্ৰথম অংশৰহে প্ৰদৰ্শন কৰাৰ খবৰ সামাজিক মাধ্যমত প্ৰকাশ পাইছে৷ অৰ্থাৎ ছবিখনৰ দ্বিতীয় অংশটো আমেৰিকাৰ ছবিগৃহটোত প্ৰদৰ্শন নকৰাৰ অভিযোগ উঠিছে৷
লগতে পঢ়ক জনপ্ৰিয় শিল্পী জুবিনেৰে নিকিতাৰ বিয়া! কোন এই নিকিতা দত্ত?
চিনেমা সমালোচক অনুপমা চোপ্ৰাই এক টুইটত নিজৰ হতাশা প্ৰকাশ কৰি লিখিছে যে আমেৰিকাৰ কেলিফ’ৰ্ণিয়াৰ দক্ষিণ হলিউদ চিনেমাৰ্ক হলত ছবিখনৰ কেৱল প্ৰথম অংশহে প্ৰদৰ্শন কৰা হয়৷
দ্বিতীয় অংশটো কিয় প্ৰদৰ্শন কৰা নহ’ল বুলি কৰাৰ প্ৰশ্নৰ উত্তৰত হলটোৰ পৰিচালকে দ্বিতীয় অংশটো প্ৰদৰ্শনৰ কোনো নিৰ্দেশনা লাভ কৰা নাই বুলি প্ৰকাশ কৰে৷ এই কথাটোৱে চিনেমা সমালোচকগৰাকীক যথেষ্ট হতাশ আৰু ক্ষোভিত কৰা বুলিও প্ৰকাশ কৰিছে৷
উল্লেখ্য যে শুকুৰবাৰে দক্ষিণৰ পৰিচালক এছ এছ ৰাজামৌলীৰ RRR নামৰ ছবিখনে বিশ্বজুৰি মুক্তি লাভ কৰিছে৷
লগতে পঢ়ক জনতাৰ মূৰত মাধমাৰ কেন্দ্ৰৰ : পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য
RRR ছবিখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ১৯২০ চনৰ দুজন মুক্তিযোদ্ধা কুমাৰাম ভীম আৰু আল্লুৰী সীতাৰামাৰাজুৱে হায়দৰাবাদৰ নিজাম আৰু ব্ৰিটিছৰাজৰ বিৰুদ্ধে যুঁজাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷
দক্ষিণৰ ৰাম চৰণ, জুনিয়ৰ এনটিআৰে আদিয়ে অভিনয় কৰা ছবিখনৰ দৈৰ্ঘ্য ৩ ঘণ্টা ৫৬ মিনিটৰ হ’লেও পিছত ইয়াৰ দৈৰ্ঘ্য ৩ ঘণ্টা ১ মিনিটলৈ হ্ৰাস কৰা হয়৷
বলিউদৰ অজয় দেৱগন আৰু আলিয়া ভাটে অভিনয় কৰা ছবিখন নিৰ্মাণ ব্যয় হৈছে ৩৩৬ কোটি টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ