ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ যৱনিকা পৰিব নেকি? মংগলবাৰৰ দিনটোত এই আশাই দেখা দিছে৷
ইষ্টানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মধ্যস্থতাকাৰীৰ মাজত সম্পন্ন হোৱা বৈঠকত এক দুয়ো দেশে এক বুজাপৰালৈ আহিছে বুলি প্ৰকাশ পাইছে৷
ইউক্ৰেইনৰ মধ্যস্থতাকাৰী ডেভিড আৰ্খেমিয়াই কয় যে দুয়োপক্ষৰ মাজত এক ‘অৰ্থপূৰ্ণ’ বৈঠক অনুষ্ঠিত হোৱাৰ লগতে দুই দেশৰ ৰাষ্ট্ৰপতি ভ্লামিদিৰ পুটিন আৰু ভ’ল’দিমিৰ জেলেনস্কিৰ মাজতো প্ৰত্যক্ষ বৈঠক অনুষ্ঠিত কৰাৰ বাবে এক বিশেষ চৰ্তসাপেক্ষ আলোচনাও হৈ যায়৷
লগতে পঢ়ক বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে
‘‘নাটো ৫ নং অনুচ্ছেদৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিতিৰ বাবে দেশসমূহে বিশেষ ভূমিকাও গ্ৰহণ কৰিব পাৰিব৷’’ ইউক্ৰেইনৰ মধ্যস্থতাকাৰী গৰাকীয়ে কয়৷
ইফালে তুৰস্কত মুখামুখি বৈঠকৰ পিছত ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী আলেকজেণ্ডাৰ ফ’মিনে কয় যে ‘‘ইউক্ৰেইনৰ নিৰপেক্ষতা আৰু অ-পাৰমাণৱিক স্থিতিৰ ওপৰত আলোচনাও এক কাৰ্যকৰী দিশলৈ আগবাঢ়িছে৷’’
লগতে পঢ়ক ক’লা যাদুৰে ইমৰাণ খানৰ চৰকাৰক পতনৰ পৰা ৰক্ষা কৰিব পত্নী বুশ্ৰা বিবিয়ে! কিন্তু কেনেকৈ?
সেয়েহে কিয়েভ আৰু চেৰ্নিগিভ চহৰসমূহত ৰাছিয়াই সামৰিক কাৰ্যকলাপ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি ৰাছিয়া উপ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়।
আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এয়া যুদ্ধ অৱসান ঘটাৰ আশাৰ ৰেঙণি বুলি আশা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ