অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণৰ পূৰ্বেই পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰ পতন ঘটাটো প্ৰায় নিশ্চিত হৈছে৷ সহযোগী দলে ইমৰাণ খানৰ দল তেহৰিক-ই-ইনচাফ(পিটিআই)ৰ সংগ ত্যাগ কৰি বিৰোধী শিবিৰত চামিল হোৱাৰ পিছতে এই আশংকা ঘণীভূত হৈছে৷
উল্লেখ্য যে কিছুদিনৰ পৰা পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰখন ৰাজনৈতিক অস্থিৰতাত ভুগি আছে৷ বিৰোধী দলসমূহে ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ পিছতে তেওঁ চৰকাৰখনে অহা ৩১ মাৰ্চত অগ্নিপৰীক্ষাৰ সন্মুখীন হোৱাৰ কথা আছে৷
বিৰোধী নেতা শ্বেহবাজ শ্বৰীফে ইমৰাণ খান চৰকাৰৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে৷ সংসদৰ অধ্যক্ষই উক্ত প্ৰস্তাৱ গ্ৰহণ কৰি অহা ৩১ মাৰ্চত প্ৰস্তাৱৰ ওপৰত বিতৰ্কৰ আয়োজন কৰি সন্ধিয়া ৪ বজাত অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোটগ্ৰহণ কৰাৰ কথা৷
লগতে পঢ়ক গাৰ নোম শিয়ঁৰি উঠা দৃশ্য! চলন্ত ৰে’লত বাগৰি পৰি মৃত্যু কনিষ্টবলৰ, চাওক ভিডিঅ’
কিন্তু ইয়াৰ এদিনৰ পূৰ্বে অৰ্থাৎ বুধবাৰে ইমৰাণ খানৰ দল পিটিআইৰ প্ৰধান সহযোগী দল মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তান (এমকিউএম) খান চৰকাৰৰ সংগ ত্যাগ কৰি বিৰোধী শিবিৰত চামিল হোৱাই নহয় এক চুক্তিটো স্বাক্ষৰ কৰিছে৷ এমকিউএ-এ সংগ ত্যাগ কৰাৰ লগে লগে ইমৰাণ খানৰ চৰকাৰখন কাৰ্যতঃ সংখ্যালঘুত পৰিণত হৈছে৷
ইয়াৰ পিছতে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে বুধবাৰে সন্ধিয়ালৈ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা আছে বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰা দেখা গৈছে৷
লগতে পঢ়ক বেংক প্ৰৱঞ্চনা! দৈনিক ১০০ কোটি টকাকৈ হেৰুওৱাইছে দেশে
ইফালে, এমকিউএম-এ দেশৰখনৰ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)ৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পিছতে পিপিপিৰ অধ্যক্ষ বিলাৱাল ভুট্টো জৰ্ডাৰীয়ে এক টুইট কৰিছে৷ ‘‘ইতিমধ্যে ঐক্যৱদ্ধ বিৰোধী জোটত এমকিউএমৰ মাজত এক চুক্তি স্বাক্ষৰ হৈছে৷ ৰাবতা কমিটিয়ে পিপিপি নেতৃত্বাধীন ঐক্যৱদ্ধ বিৰোধী জোট আৰু এমকিউএমৰ মাজৰ চুক্তিক অনুমোদন জনাইছে৷’’ টুইটত জৰ্ডাৰীয়ে এইদৰে কয়৷
উল্লেখ্য যে অনাস্থা প্ৰস্তাৱত ইমৰাণ খানক পৰাভূত কৰিবলৈ বিৰোধী শিবিৰক ১৭২ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন৷ এমকিউএম-এ ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ পিছতে বিৰোধীৰ সমৰ্থিত সদস্যৰ সংখ্যা ১৭৭ লৈ বৃদ্ধি পালে৷ ইফালে ইমৰাণ খানৰ সমৰ্থনত আছে ১৬৪ গৰাকী সাংসদৰ সমৰ্থন৷ সেয়ে ইমৰাণ খানৰ চৰকাৰখন পতন একপ্ৰকাৰে নিশ্চিত বুলিয়ে ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ