ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ সময়ৰে পৰা ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত এক কৌশলপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছে৷ বিশ্ব সম্প্ৰদায়ৰ বিভিন্ন হেঁচাৰ পিছতো ভাৰতে দুয়োকূল ৰক্ষা কৰি আহিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷ অৰ্থাৎ আমেৰিকা আৰু ৰাছিয়াৰ মাজত ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰি আহিছে৷
কিন্তু সময় যোৱাৰ লগে লগে যেন ভাৰতৰ পূৰ্বৰ স্থিতি ক্ৰমশঃ সলনি হোৱাৰ উপক্ৰম হৈছে৷ ৰাছিয়াৰ বুছাৰ গণহত্যাৰ পিছতে ভাৰতৰ স্থিতি অধিক দোদুল্যমান হৈ পৰা বুলি কূটনৈতিক বিশেষজ্ঞসকলে দাবী কৰিছে৷
অৰ্থাৎ বুছাৰ গণহত্যাৰ পিছত ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা নিলম্বনৰ সময়ত ভাৰতে ৰছিয়াৰ সপক্ষে ভোটদান নকৰাটোৱে ইয়াকে সূচাইছে বুলি ধাৰণা কৰিছে কূটনৈতিক মহলে৷
লগতে পঢ়ক যাত্ৰীবাহী ৰে’লত ঘোঁৰা উঠাই গ্ৰেপ্তাৰ হ’ল এজন লোক, ক’ত?
উল্লেখ্য যে ডেৰ মাহ পূৰ্বে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহৰ তীব্ৰ হেঁচাৰ মাজতো ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিবলৈ সন্মত হোৱা নাছিল৷ ৰাছিয়াৰ বিৰুদ্ধে ভাৰতে অৱস্থান নল’লে আমেৰিকাই ভাৰতৰ বিৰুদ্ধে অৰ্থনৈতিক প্ৰতিবন্ধকতা আৰোপ কৰাৰো ভাবুকি প্ৰদান কৰিছিল৷ ইয়াৰ পিছতো যুদ্ধৰ মাজতে ভাৰতে ৰাছিয়াৰ পৰা অশোধিত খাৰুৱা তেল আমদানিৰ বাবে বাৰ্তালাপ চলাই নিয়ে৷
কিন্তু যোৱা বৃহস্পতিবাৰে ভাৰতে ৰাছিয়াৰ সপক্ষে ভোটদান নকৰি ৰাছিয়াৰ বিৰুদ্ধে একা কাঢ়া বাৰ্তা প্ৰদান কৰা বুলি কূটনৈতিক মহলে ধাৰণা কৰিছে৷ কূটনৈতিক শিবিৰৰ মতে ৰাছিয়াৰ ক্ষেত্ৰত ভাৰতে সঠিক কৌশলগত নীতি গ্ৰহণ কৰি আহিলেও বৃহস্পতিবাৰে যেন সেই কৌশল ৰক্ষা নপৰিল!
লগতে পঢ়ক ভাৰতৰ প্ৰশংসাত গদগদ হৈ কি ক’লে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে?
উল্লেখ্য যে ভাৰতে প্ৰতিৰক্ষা সা-সৰঞ্জামৰ বাবে সৰ্বাধিক নিৰ্ভৰ কৰা বিশ্বৰ দেশখনেই হৈছে ৰাছিয়া৷ প্ৰতিৰক্ষা সা-সৰঞ্জামৰ ক্ষেত্ৰত ভাৰতে ৭০%ৰো অধিক ৰাছিয়াৰ ওপৰতেই নিৰ্ভৰ কৰে৷ ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান কৰিলে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে৷
কিন্তু বৃহস্পতিবাৰে ৰাছিয়াৰ সপক্ষে ভোটদান নকৰাৰ পিছতে ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত বিৰূপ প্ৰভাৱ পৰা সম্ভাৱনা আছে বুলি কূটনৈতিক মহলে আশংকা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ