এক শোকাৱহ ৰে’ল দুৰ্ঘটনাত ৫ গৰাকীকৈ যাত্ৰী নিহত হৈছে৷ সোমবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত কোৰ্ণাক এক্সপ্ৰেছে মহতীয়াই নিয়াৰ ফলত পাঁচগৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে কে’বাজনো যাত্ৰী আঘাত প্ৰাপ্ত হয়৷
ৰে’লৱে কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি যাত্ৰীকেইজন গুৱাহাটী অভিমুখী গুৱাহাটী-বাউণ্ড ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছৰ যাত্ৰী আছিল৷ গুৱাহাটী-বাউণ্ড ছুপাৰফাৰ্ষ্ট এক্সপ্ৰেছখন কাৰিকৰী বিজুতিৰ বাবে জিলাখনৰ বাটুৱা গাঁৱত ৰৈ যায়৷ ইয়াৰ পিছতে যাত্ৰীসকলে ৰে’লৰ পৰা নামি ৰে’লৱে ট্ৰেকতে ৰৈ আছিল৷ তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা কোৰ্ণাক এক্সপ্ৰেছ ৰে’লখনে যাত্ৰীসকলক মহতীয়াই নিয়ে৷
লগতে পঢ়ক কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?
শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে শ্ৰীকাকুলাম জিলা উপায়ুক্ত শ্ৰীকেশ লাথকৰে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিৰ্দেশ দিয়ে৷ ‘‘ঘটনাৰ খবৰ লাভ কৰিয়ে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ কিমান লোক হতাহত হৈছে তাৰ বুজ লয়৷’’ শ্ৰীকাকুলামৰ আৰক্ষী অধীক্ষক জি আৰ ৰাধিকাই কয় সংবাদ মাধ্যমক কয়৷
নিহত পাঁচযাত্ৰী মাজৰ দুগৰাকী যাত্ৰী অসমৰ বুলিও প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে৷ ৰে’লৱেৰ বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে পৰিচয় পত্ৰৰ যোগে দুগৰাকী যাত্ৰী অসমৰ বুলি জানিব পৰা গৈছে৷ অৱশ্যে এতিয়ালৈকে তেওঁলোকৰ সম্পূৰ্ণ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ সকলো মৃত যাত্ৰীৰে সম্পূৰ্ণ পৰিচয় উদ্ধাযৰৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে আৰু তেওঁলোকো বৰ্হিৰাজ্যৰ বুলি ধাৰণা কৰিছে ৰে’লৱে কৰ্তৃপক্ষই৷
লগতে পঢ়ক কি জঘন্য কাণ্ড! তিনি সতীৰ্থসহ নিজ কন্যাক গণধৰ্ষণ পিতৃৰ!
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন মোহন ৰেড্ডীয়ে শোক প্ৰকাশ কৰাৰ লগতে জিলা প্ৰশাসনক আহত যাত্ৰীসকলক প্ৰয়োজনীয় চিকিৎসাৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷
মুখ্যমন্ত্ৰী ৰেড্ডীয়ে মানৱীয় দৃষ্টিভংগীৰে মৃত যাত্ৰীসকল অন্য ৰাজ্যৰ হ’লেও তেওঁলোকৰ পৰিয়াললৈ ২ লাখ টকা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















