যোৱা ১৪ এপ্ৰিলত বি-টাউনৰ বহু প্ৰতীক্ষিত ৰণবীৰ-আলিয়াৰ বিবাহখন সম্পন্ন হৈ যায়৷ বিবাহখন সম্পন্ন হোৱাৰ চাৰিটা দিন অতিক্ৰম কৰাৰ পিছতো তেওঁলোকৰ বিবাহকলৈ চলা চৰ্চাৰ টুটি যোৱা নাই, বৰং বৃদ্ধি পোৱাহে দেখা গৈছে৷
এইবাৰ আলিয়া-ৰণবীৰৰ বিবাহৰ পোছাক ডিজাইনক লৈ চৰ্চা আৰম্ভ হৈছে৷ সামাজিক মাধ্যমত প্ৰকাশ পোৱা মতে আলিয়া-ৰণবীৰৰ বিবাহৰ বিশেষ অনুষ্ঠান মেহেন্দি অনুষ্ঠানত পৰিধান কৰা পোছাকযোৰৰ ডিজাইনক লৈ বিশেষভাৱে চৰ্চা লাভ কৰিছে৷
সকলোৱে এক মুখে স্বীকাৰ কৰিছে যে মেহেন্দি অনুষ্ঠানত আলিয়া ভাট্টে পৰিধান কৰা গোলপীয়া ৰঙৰ পোছাক লেহেংগাযোৰ ডিজাইন কৰিছিল বলিউদৰ বলীউডৰ বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰায়ে৷
লগতে পঢ়ক ‘লাইফ অৱ পাই’, নাওৰ পৰাই জঁপিয়ালে ঢেকীয়াপতীয়া বাঘে, চাওক ভিডিঅ’
ডিজাইনাৰ মনীষ মালহোত্ৰাই ইয়াৰ ফটো শ্বেয়াৰ কৰি এই লেহেংগাযোৰ কেনেকৈ প্ৰস্তুত কৰিছে সেই বিষয়েও প্ৰকাশ কৰিছে। মালহোত্ৰাই লগতে কয় যে এই লেহেংগাত সোণ আৰু ৰূপৰ এম্ব্ৰইডাৰী কৰা হৈছে।
মনীষ মালহোত্ৰাই আলিয়া ভাট্টৰ এই পোছাকৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰি আলিয়া ভাট্টৰ নতুন জীৱনৰ বাবে শুভকামনাও জনাইছে।
লগতে পঢ়়ক কৃষকক গাড়ীৰে মহটিয়াই হত্যা : কেন্দ্ৰীয় মন্ত্ৰী পুত্ৰৰ জামিন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ
মনীষ মালহোত্ৰা ৱৰ্ল্ডে সামাজিক মাধ্যমত লিখিছে, ‘‘আলিয়াই এযোৰ ছাষ্টেইনেবল কাষ্টমাইজড ট্ৰাউছেট বাছনি কৰিছিল। ইয়াত ১৮০ টা পেচ্ছৰ কাম কৰা হৈছিল। ইয়াক আলিয়াৰ মেহেন্দি অনুষ্ঠানৰ বাবে অতি বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল।’’
মনীষে আৰু লিখিছে, ‘‘আলিয়াৰ পোছাক কাশ্মীৰী আৰু চিকনকাৰী সূতাৰে তৈয়াৰ কৰা হৈছে। এই ফুচিয়া গুলপীয়া লেহেংগাযোৰ মিজৱান ৱেলফেয়াৰ ছচাইটীৰ ৩০০০ মহিলাই এম্ব্ৰইডাৰী কৰিছে। ইয়াৰ ব্লাউজত প্ৰকৃত সোণ আৰু ৰূপ আৰু কোৰা ফুল আছে। এই লেহেংগাত কচ্ছ (গুজৰাট)ৰ পুৰণি সোণৰ ধাতুৰ চিকুইনছ আছে।’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ