প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সাধাৰণ শ্ৰেণী নাগৰিকৰ বাবে কে’বাখনো গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে৷
ইয়াৰ মাজৰে এখন বিশেষ আঁচনি হ’ল অটল পেঞ্চন আঁচনি৷ এই আঁচনিৰ যোগেদি আপোনাৰ বেংকত একাউণ্টত আপুনি মাহে ৫ হাজাৰ টকাকৈ লাভ কৰিব পাৰে৷ আনহাতে, আপুনি বিবাহিত হ’লে দ্বিগুণ অৰ্থাৎ ১০ হাজাৰ টকা লাভ কৰিব পাৰে৷ কিন্তু আপুনি কেনেকৈ লাভ কৰিব ধন?
অটল পেঞ্চন আঁচনি হৈছে এক পেঞ্চন আঁচনি৷ এই আঁচনিৰ যোগেদি আপুনি প্ৰতি মাহে পেঞ্চৰ সুবিধা লাভ কৰিব পাৰিব৷ আঁচনিখনে বিবাহিত হ’লে পতি পত্নী দুয়োকে সাঙুৰি ল’ব৷
লগতে পঢ়ক চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ
সকলো লোকৰ বাবেই এই আঁচনি মুকলি কৰা হৈছে৷ অটল আঁচিনৰ যোগেদি সাধাৰণ শ্ৰেণীৰ নাগৰিকক ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে৷ অৱশ্যে পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি স্বামী পত্নী উভয়ে আবেদন কৰিলে ইয়াৰ পৰিমাণ ১০ হাজাৰ টকা হ’ব৷
অৱশ্যে ইয়াৰ বাবে নাগৰিকে প্ৰিমিয়াম জমা দিব লাগিব৷ ১৮ বছৰ বয়স হ’লে মাহিলী প্ৰিমিয়াম ২১০ টকা আৰু তিনিমাহৰ প্ৰিমিয়াম একেলগে দিলে ইয়াৰ পৰিমাণ হ’ব ৬২৬ টকা হ’ব৷
লগতে পঢ়ক কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী
আপুনি ছমাহৰ প্ৰিমিয়াম একেলগে দিলে প্ৰিমিয়ামৰ পৰিমাণ হ’ব ১,২৩৯ টকা৷ কিন্তু ১ হাজাৰ টকাৰ পেঞ্চনৰ বাবে ১৮ বছৰ বয়সত মাহিলী প্ৰিমিয়াম হ’ব মাত্ৰ ৪২ টকা৷
এতিয়া প্ৰশ্ন আহিব পাৰে, প্ৰিমিয়াম ভৰি থকা লোকগৰাকীৰ ৬০ বছৰ পূৰ্বে মৃত্যু হ’লে তেওঁ পাবলগীয়া ধন কোনে লাভ কৰিব? এই ক্ষেত্ৰত স্বামীৰ মৃত্যু হ’লে পত্নীয়ে অথবা দুয়োৰে মৃত্যু হ’লে তেওঁলোকে মনোনীত কৰাৰ নমিনীয়ে সেই ধন লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















