• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

4 years ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

3 minutes ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

31 minutes ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 hour ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

23 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

24 hours ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

editor by editor
May 5, 2022
in অসম, ৰাজনীতি
0
ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ৩১ মাৰ্চত হৈ যোৱা ৰাজ্যসভা নিৰ্বাচনত বিৰোধী পক্ষৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা পৰাজিত হৈছিল। অথচ বিৰোধী শিৱিৰত ৰাজ্যসভা নিৰ্বাচনত জয়ী হ’বলৈ প্ৰয়োজনীয় ৪২ বিধায়কো আছিল। কিন্তু তথাপিও কিয় পৰাজিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা সন্মিলিত বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকী?

ইয়াৰ কাৰণো প্ৰকাশিত হ’ল সংবাদ মাধ্যমত। বিৰোধী পক্ষৰ কেইগৰাকীমান বিধায়কে দলীয় নীতি নিৰ্দেশনা উলংঘা কৰি বিজেপিৰ প্ৰাৰ্থীক ভোট দিছিল। তাৰ বিনিময়ত সেই নিৰ্দিষ্ট বিধায়ক কেইগৰাকীয়ে শাসক পক্ষৰ পৰা বৃহৎ অংকৰ ধন লাভ কৰা বুলিও বহুবাৰ বাতৰি প্ৰকাশিত হৈছে। অৱশ্যে সেইবোৰৰ আঁৰত থাকি গ’ল অন্য বহু অপ্ৰকাশিত তথ্য আৰু সত্য। তাৰ এটা মাত্ৰ দিশ আজি ডাঙি ধৰিব বিচাৰিছোঁ।

দ্বৰাচলতে, ৰাজ্যসভা নিৰ্বাচনৰ অচিলাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু প্ৰাক্তন সভাপতি ৰিপুন বৰাক ৰাজনৈতি ভাৱে ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। আৰু সেই ষড়যন্ত্ৰৰ মূল হোতা আছিল খোদ কংগ্ৰেছ দলৰ তিনিগৰাকীকৈ সাংসদ। আৰু সমস্ত প্ৰক্ৰিয়াটোত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকত্ৰয় অনিৰুদ্ধ সিং, পৃথ্বিৰাজ প্ৰভাকৰ সাথেসহ বিকাশ উপাধ্যায় প্ৰত্যক্ষভাৱে জড়িত আছিল।

লগতে পঢ়ক সম্প্ৰীতিৰ নিৰ্দশন! ঈদৰ মাজতে ঈদগাহলৈ হিন্দু ভগ্নীৰ ১.৫ কোটি মূল্যৰ ৪ বিঘা ভূমি দান

উল্লেখযোগ্য যে, ৰাজ্যসভা নিৰ্বাচনত ৰিপুন বৰাৰ বিজয় নিশ্চিত কৰাৰ স্বাৰ্থতে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে এই চাৰিগৰাকী নেতাক গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল। কিন্তু জিতেন্দ্ৰ সিং, পৃথ্বিৰাজ প্ৰভাকৰ সাথে, অনিৰুদ্ধ সিং আৰু বিকাশ উপাধ্যায় গুৱাহাটীত উপস্থিত হোৱাৰ পাছত দৃশ্যপট সলনি হয়। দুগৰাকী সাংসদৰ তৎপৰতাত নতুন ৰাজনৈতিক সমীকৰণ গঢ়ি উঠে। সেই সমীকৰণৰ মূল লক্ষ্য আছিল ৰাজ্যসভা নিৰ্বাচনৰ অচিলাৰে ভূপেন কুমাৰ বৰা আৰু ৰিপুন বৰাক ৰাজনৈতিকভাৱে ব্যৰ্থ অথবা অদক্ষ নেতা হিচাপে প্ৰতিষ্ঠা কৰা। সেই ষড়যন্ত্ৰ এতিয়া সফলো হৈছে। আৰু যি দুগৰাকী সাংসদ এই ষড়যন্ত্ৰ মূল নায়ক হিচাপে খোদ কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ মাজত চৰ্চা চলিব লাগিছে৷ সেই দুগৰাকী কংগ্ৰেছ সাংসদ হৈছে ক্ৰমে প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ।

এতিয়া প্ৰকৃত বিষয়টো লৈ আহিছো। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰণ কৌশল সম্পূৰ্ণ সুকীয়া আছিল। ৰণ কৌশল অনুসৰি কংগ্ৰেছৰ ২৫ গৰাকী, এ আই ইউ ডি এফ ৰ ১৫ গৰাকী, চি পি (আই)এমৰ এগৰাকী আৰু ৰাইজৰ দলৰ এগৰাকী মুঠ ৪২ গৰাকী বিধায়কক একত্ৰিত কৰি এখন হোটেলত ৩১ মাৰ্চ পৰ্যন্ত আবদ্ধ কৰি ৰখা কথা আছিল। আৰু এই উদ্দেশ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে চাৰিগৰাকী কৈ শীৰ্ষ নেতাক ৰাজ্যসভা নিৰ্বাচনৰ তিনিদিন পূৰ্বে অৰ্থাৎ ২৮ মাৰ্চত গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু এই নেতা কেইগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ পাছত হঠাৎ ৰণ কৌশল সলনি হয়। জিতেন্দ্ৰ সিঙে কংগ্ৰেছ হাই কামাণ্ডক জনাই যে ৰিপুন বৰাৰ বিজয় নিশ্চিত গতিকে বিধায়কসকলক হোটেলত আবদ্ধ কৰি ৰখাৰো কোনো প্ৰয়োজন নাই। খোদ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ এক শীৰ্ষ সূত্ৰৰ পৰা এই তথ্য পোৱা হৈছে।

লগতে পঢ়ক সংকটত জয় ভীমৰ অভিনেতা সূৰ্য; আৰক্ষীক গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

আনহাতে জিতেন্দ্ৰ সিং আৰু তেওঁৰ সহযোগী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ তিনিগৰাকী সম্পাদক গুৱাহাটীৰ হোটেলত বাহৰ পাতি থকা সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বিধায়ক সকলৰ মাজত হঠাৎ সংঘাত আৰম্ভ হয়। বিধায়কসকলে সংবাদ মাধ্যমৰ জৰিয়তে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। বিৰোধী পক্ষৰ বিধায়কসকলৰ মাজত সন্দেহৰ বীজ সিঁচি দিয়া হয়। আৰু এই ভয়ংকৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ নেতৃত্ব দিছিল খোদ জিতেন্দ্ৰ সিঙে। আজি কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত এই বিষয়টো কাৰো অবিদিত নহয়। একে সময়তে কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে পৰিকল্পিতভাৱে ভুল তথ্য দি বিভ্ৰান্ত কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক। অৰ্থাৎ ৰিপুন বৰাক পৰাজিত কৰিবলৈ সক্ৰিয় হৈছিল কংগ্ৰেছৰ বহু কেইগৰাকী নেতা। ইয়াকো উল্লেখ কৰি থোৱা ভাল হ’ব যে, ৰিপুন বৰা আৰু জিতেন্দ্ৰ সিঙৰ মাজত থকা ৰাজনৈতিক সংঘাত সেই সময়ত অধিক প্ৰকট হৈছিল।

ৰাজ্যসভা নিৰ্বাচনৰ দুদিন পূৰ্বে জিতেন্দ্ৰ সিঙৰে হোটেলত মিলিত হৈছিল কোন? নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা কেইগৰাকীয়ে বিৰোধী পক্ষৰ বিধায়কসকলৰে মিলিত নহ’ল কিয়? তেওঁলোকৰ কুটিল ৰাজনীতিৰ বাবে ব্যৰ্থতাৰ গ্লানি মূৰ পাতি লবলগীয়া হৈছে কংগ্ৰেছে। আৰু এইসকল নেতাৰ আত্মঘাতী ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবে হয়তো আজি ক্ৰমাৎ ৰুদ্ধ হ’ব লাগিছে কংগ্ৰেছৰ উত্থানৰ পথ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AICCAPCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrajya sabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…
অসম

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

June 2, 2026
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
Next Post
বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

উচ্চতা অনুসৰি আপোনাৰ ওজন কিমান হোৱা উচিত? চাওক তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.