সুস্থ হৈ থাকিবলৈ উচ্চতা অনুসৰি শৰীৰৰ ওজনৰ সামজঞ্ছ্যতা থকাটো অতি প্ৰয়োজনীয়৷ উচ্চতা অনুসৰি ওজনৰ ভাৰসাম্যতা নাথাকিলে আমাৰ শৰীৰত বিভিন্ন ৰোগে বাহ ল’ব পাৰে৷
সেয়ে পৰাপক্ষত শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ ডায়েট মানি চলাৰ লগতে বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম কৰাটো প্ৰয়োজন৷
শৰীৰৰ অতিৰিক্ত ওজনে আমাৰ শৰীৰত ক্লষ্টেৰল, চুগাৰ, উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা আদিৰ সৃষ্টি কৰে। সেয়ে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ, সঠিক খাদ্য খোৱা আৰু নিয়মীয়া শাৰীৰিক ব্যায়াম কৰাটো অতি দৰকাৰী বুলি ওপৰত উল্লেখ কৰি আহিছো।
লগতে পঢ়ক ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!
কিন্তু, এতিয়া কথা হ’ল উচ্চতা অনুসৰি আপোনাৰ শৰীৰত অতিৰিক্ত ওজন আছে বা বৃদ্ধি পাইছে বুলি কেনেকৈ জানিব পাৰিব? অথবা উচ্চতা অনুসৰি আপোনাৰ ওজন সঠিক বুলি আপুনি কেনেকৈ অৱহিত হ’ব?
উচ্চতাৰ অনুসৰি আপোনাৰ ওজনৰ কিমান হ’ব সেই বিষয়ে জানিবলৈ তলৰ তালিকাখন চাব পাৰে৷
লগতে পঢ়ক এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?
ওপৰৰ তালিকাখনৰ সৈতে নিজৰ উচ্চতা আৰু শৰীৰৰ ওজন মিলাই চাই আপুনি নিজৰ ওজন সঠিক আছে নে নাই সেয়া জানিব পাৰিব৷
উক্ত তালিকাখনৰ সৈতে আপোনাৰ উচ্চতা আৰু ওজনৰ যদি তাৰতাম্য আছে তেনে আপুনি সঠিক খাদ্য তালিকা প্ৰস্তুত কৰি লৈ সেইদৰে গ্ৰহণ কৰাৰ লগতে শাৰীৰিক ব্যায়াম কৰাতো উচিত৷ সঠিক খাদ্য গ্ৰহণ আৰু শাৰীৰিক ব্যায়ামে উচ্চতাৰ সৈতে আপোনাৰ শৰীৰৰ ওজন সঠিক কৰি ৰখাৰ লগতে ৰোগৰ পৰাও বচাই ৰাখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ