• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

4 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

7 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

7 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

8 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

8 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

9 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

10 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

10 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

11 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

12 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

12 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

13 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

editor by editor
May 6, 2022
in অসম, চিনেমা
0
১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিমলী বৰকটকীঃ চিনেমাৰ নামটো দেখিয়েই নিশ্চয়কৈ লোকেল কুংফু-প্ৰথম আৰু দ্বিতীয়ৰ কথা মনলৈ আহিছেই। লোকেল কুংফুৰ দুই-চাৰিটা জনপ্ৰিয় সংলাপ এতিয়াও বহু অসমীয়াৰ মুখে-মুখে। আৰু অসমীয়া চিনেমাৰ বিষয়ে ভূ ৰখাসকলেও লোকেল উৎপাতৰ বিষয়েও ছ‘চিয়েল মিডিয়া আদিৰ জৰিয়তে জানিবলৈ পাৰিছেই।

হয়, ছেক্সপীয়েৰৰ প্ৰখ্যাত হাস্যৰসধৰ্মী নাটক ‘‘ক’মেডী অৱ এৰৰ’’ৰ পৰা অনুপ্ৰেৰিত হৈ নিৰ্মাণ কৰা ‘‘লোকেল কুংফু’’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ উদ্যোগত হাস্যৰসধৰ্মীতা আৰু সমৰকলাৰ সংমিশ্ৰণৰে সম্পূৰ্ণ এক ন তথা স্বকীয় ধাৰাৰ আৰম্ভণি ঘটোৱা কাহিনীকাৰ,পৰিচালক, অভিনেতা কেনী দেউৰী বসুমতাৰীৰ অনাগত ছবি লোকেল উৎপাতে অহা ১৩ মে’ তাৰিখে অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব। পৰিচালক কেনী বসুমতাৰীৰ আমন্ত্ৰণত একলম লিখিবৰ বাবেই মুক্তিৰ পূৰ্বে ছবিখন চোৱা হ’ল।

লগতে পঢ়ক বিবাহ আসন্ন! অৰ্জুন কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু মালাইকা আৰোৱা!

লোকেল কুংফু-প্ৰথম আৰু দ্বিতীয় চোৱাসকলে নিশ্চিতভাৱে লোকেল উৎপাতৰ পৰাও একেধৰণৰ হাস্যৰসৰ প্ৰত্যাশা ৰাখিছে। অৱশ্যেই আপোনাৰ এই প্ৰত্যাশা অথলে নেযায়। বৰঞ্চ, হাঁহি হাঁহি ভাগৰ লাগিব দৰ্শকৰ। পূৰ্বৰ কেওখন ছবিৰ দৰেই লোকেল উৎপাতৰো কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা-কেনী বসুমতাৰীৰেই। হাস্যৰসৰ কথাতো থাকিবই, কিন্তু এইবাৰ অৰ্থাৎ লোকেল উৎপাতত মোৰ দৃষ্টিত আটাইতকৈ উল্লেখযোগ্য তথা আকৰ্ষণীয় দিশটো হৈছে-নাৰীকেন্দ্ৰিক সমৰকলাৰ উপস্থাপনা।

অৰ্থাৎ পূৰ্বৰ লোকেল কুংফুৰ দৰে লোকেল উৎপাততো সমৰকলাৰ প্ৰয়োগ বহুলভাৱে কৰা হৈছে, পিছে এইবাৰ মূখ্যতঃ মূল নাৰী চৰিত্ৰৰ একচন (action) ধৰ্মীতাৰ উপস্থাপন। অসমীয়া ছবিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে একচনধৰ্মী নাৰী চৰিত্ৰক এনেদৰে শক্তিশালীৰূপত তুলি ধৰা হৈছে— এই নতুনত্বৰ বাবে অৱশ্যেই কেনী বসুমতাৰী ধন্যবাদৰ পাত্ৰ।

লগতে পঢ়ক ৰাজ্যসভা নিৰ্বাচন আৰু কংগ্ৰেছী নেতাৰ হোটেল বিলাস!

অৰ্থাৎ লোকেল উৎপাতৰ কাহিনীভাগত এটা দিশ নাৰীবাদক লৈয়ো আছে। পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ ওপৰতো এই চৰিত্ৰটোৰ মাজেৰেই এক তীৰ্যক ভ্ৰুকূটিও কৰা হৈছে। আৰম্ভণিৰে পৰাই স্বতঃস্ফূৰ্ত হাস্যৰসৰ লগতেই সাংগীতিক লয়ৰ মাজেৰে কাহিনীভাগ আগবাঢ়িছে। প্ৰথমাৰ্দ্ধত ক’তোৱেই ৰৈ যোৱাৰ অৱকাশ নাই। কেনী বসুমতাৰীৰ পূৰ্বৰ চিনেমাকেইখনৰ তুলনাত বহু দিশতেই লোকেল উৎপাতৰ কাম অধিক উন্নত মানদণ্ডৰ হৈছে। কেমেৰাৰ কামৰ পৰা চিনেমেটিক ট্ৰিটমেন্টলৈকে, সংগীতৰ ব্যৱহাৰ-এই সকলোবোৰ দিশতেই নতুনত্ব দেখিবলৈ পোৱা গৈছে।

সুৰুয ডেকাৰ আলোক শিল্পৰ কামৰ বিষয়ে উল্লেখ কৰিবই লাগিব। বিশেষকৈ ভাবগধুৰ পৰিস্থিতিক তুলি ধৰিবলৈ ল‘ এংগল শ্বট আৰু ধুসৰ পোহৰৰ ব্যৱহাৰ, একেদৰে উচ্ছল পৰিস্থিতিক দৰ্শাবলৈ হাই এংগল শ্বটৰ ব্যৱহাৰ-এনেবোৰ টেকনিকেল দিশৰ প্ৰতিও ভালদৰে লক্ষ্য ৰখা হৈছে। মূখ্য নাৰী চৰিত্ৰত অভিনয় কৰা পুনম গুৰুং নিজে এগৰাকী অভিজ্ঞ সমৰকলাবিদ। লগতে চিনেমাৰ বাকী সমৰকলাৰ পৰিচালনা কৰিছে মন্তু দেউৰীয়ে।

লগতে পঢ়ক এইবাৰ মোদীৰ নতুন যাদু চলো ইণ্ডিয়া! বিদেশী পৰ্যটকৰে ভৰিব দেশ! কিন্তু কেনেকৈ?

আৱহ-সংগীতৰ কাম কৰিছে আকাশদীপ গগৈয়ে। অভিনয়ৰ ক্ষেত্ৰত ট‘নী দেউৰী, কেনী বসুমতাৰী, পুনম গুৰুং, বনী দেউৰীকে আদি কৰি প্ৰায় সকলোবোৰেই নিজ নিজ চৰিত্ৰত সহজ। দ্বিতীয়াৰ্দ্ধতো কাহিনীত হাস্যৰস অফুৰন্ত। মাত্ৰ এই সকলোবোৰ সামগ্ৰিকৰূপত অধিক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ বিপৰীতে কেনী বসুমতাৰীয়ে নিজৰ চৰিত্ৰটোলৈ কিছু অৱহেলা কৰিলে যেন অনুভূত হ’ল। পিছে এই দিশটোলৈ চকু ৰাখি থমকি ৰোৱাৰ অৱকাশ নায়েই বুলিব লাগিব। মুঠতে প্ৰাণখুলি হাঁহি পৰিয়ালৰ সকলোৰে সৈতে সম্পূৰ্ণ দুঘন্টা উপভোগ কৰিব পৰাকৈ মনোৰঞ্জনৰ সমস্ত সমলেই পাব লোকেল উৎপাতত।

লেখিকাৰ email আইডি- rimli.borkotoky1985@gmail.com

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Assamese Movieaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamLocal Utpat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?
অসম

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

May 20, 2026
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?
অসম

গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

May 19, 2026
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক
বিনোদন

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

May 17, 2026
Next Post
অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যাৰ বিয়া, কোন হয় দৰা?

অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ কন্যাৰ বিয়া, কোন হয় দৰা?

কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

কেমেৰাৰ সন্মুখতে মুছলমান যুৱতীক বিয়া কৰোৱা হিন্দু যুৱকক হানি কুচি হত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.