কিছু বছৰ পূৰ্বে ছলমান খানৰ জ্যেষ্ঠ ভাতৃ অভিনেতা প্ৰযোজক আৰবাজ খান আৰু অভিনেত্ৰী মালাইকা আৰোৱাৰ বিবাহ বিচ্ছেদ হৈছিল৷ প্ৰকাশিত খবৰ মতে চলমান খানে তেওঁলোকৰ বিবাহ অটুট ৰাখিবলৈ বহু চেষ্টা কৰিও বিফল হৈছিল৷ বিচ্ছেদৰ পিছতে চলমানৰ ভগ্নী অৰ্পিতা খানৰ এসময়ৰ প্ৰেমিক অভিনেতা অৰ্জুন খানেৰে প্ৰেমৰ সম্পৰ্কত বান্ধ খালে মালাইকা আৰোৱায়৷
জ্যেষ্ঠ ভাতৃৰ বিবাহ বিচ্ছেদৰ পিছতে এইবাৰ চলমান খানৰ কণিষ্ঠ ভাতৃৰো ২৪ বছৰীয়া সংসাৰ ভঙাৰ উপক্ৰম হৈছে৷ কণিষ্ঠ ভাতৃ চোহেইল খান আৰু পত্নী সীমা শচদেৱ খানে বিবাহ বিচচ্ছেদৰ বাবে শুকুৰবাৰে মুম্বাইৰ এখন পাৰিবাৰিক আদালত বিবাহ বিচ্ছেদৰ আবেদন জনাইছে৷
লগতে পঢ়ক ২৮ গৰাকীৰ পত্নীৰ সন্মুখত ৩৭ সংখ্যক বিবাহ বৃদ্ধৰ, ২৫ সন্তানসহ ১৩৫ নাতি-নাতিনীও উপস্থিত
চোহেইল খান আৰু সীমা শচদেৱ খানক পাৰিবাৰিক আদালতৰ বাহিৰত একেলগে প্ৰত্যক্ষ কৰাৰ পিছতে বি-টাউনত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা বুলি প্ৰচাৰ চলিছে৷
তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে বি-টাউন গৰম কৰি ৰখাৰ সময়তে ক্ৰিকেটাৰ হিটমেনখ্যাত ৰোহিত শৰ্মাৰ সৈতে সীমা শচদেৱ খানৰ সম্পৰ্কৰ বিষয়েও চৰ্চা লাভ কৰিছে৷ সীমা শচদেৱ খানৰ সৈতে ৰোহিত শৰ্মাৰ কি সম্পৰ্ক?
বহুতে এই প্ৰশ্নৰ উত্তৰ সন্ধান বিচাৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে ১৯৯৭ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ইমান বছৰ একেলগে থকা দম্পতীহালৰ দুটা সন্তানো আছে। তেওঁলোকৰ বিচ্ছেদৰ বাতৰি কেইবাবছৰ পূৰ্বেও তুংগত উঠিছিল।
লগতে পঢ়ক পাইলট মাতৃ-পুত্ৰৰ দৃশ্যই অন্তৰ চুইছে লক্ষ লক্ষ লোকৰ! চাওক আহক ভিডিঅ’টো
ইফালে সীমা হৈছে বন্তি শচদেৱৰ ভগ্নী। বন্তি শচদেৱ চেলিব্ৰেটিসকলৰ এটা সুপৰিচিত নাম। তেওঁৰ কৰ্ণাৰষ্টোন স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট নামৰ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী আছে।
এই সংস্থাটোৰে বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্থও জড়িত হৈ আছে। তেওঁৰ প্ৰতিষ্ঠানে বহু ক্ৰিকেট তাৰকাৰ মেন্টৰ হিচাপেও কাম কৰে। এই বন্তি আৰু সীমাৰে ভগ্নী হৈছে ৰীতিকা শচদেৱ। আৰু এই ৰীতিকা শচদেৱ হৈছে ৰোহিত শৰ্মাৰ পত্নী৷ অৰ্থাৎ সীমা শচদেৱ হৈছে ৰোহিত শৰ্মাৰ জে-শাহুৰ!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














