শ্ৰেণী কক্ষৰ এটা ভাইৰেল ভিডিঅ’ৱে সামাজিক মাধ্যমত তুমুল চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ভাইৰেল হোৱা ভিডিঅ’টোত এক যুৱকে চিনেমাৰ কায়দাৰে এগৰাকী যুৱতীক ফুল দি প্ৰেমৰ প্ৰস্তাৱ দিছে৷
শ্ৰেণী কক্ষৰ ভিতৰৰ এই দৃশ্যটোৰ পিছতে একাংশই হাত চাপৰি বজাই প্ৰেম নিবেদন কৰা যুৱকগৰাকীক উৎসাহিত কৰা দেখা যায়৷ শ্ৰেণী কক্ষত উপস্থিত থকা কোনো শিক্ষাৰ্থীয়ে ভিডিঅ’টো ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে৷
ভাইৰেল হোৱা এই ভিডিঅ’টো এখন প্ৰতিষ্ঠানৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ বুলি জানিব পৰা গৈছে৷ ধেমাজিৰ এখন দক্ষতা বিকাশ কেন্দ্ৰৰ এই ভিডিঅ’টোত প্ৰেম নিবেদন কৰা যুৱকজন প্ৰতিষ্ঠানটোৰ এগৰাকী প্ৰশিক্ষক আৰু যুৱতীগৰাকী এগৰাকী প্ৰশিক্ষাৰ্থী৷
লগতে পঢ়ক মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া : আহক জানো পত্নী ডাঃ গুৰপ্ৰীত কৌৰ কোন?
ভাইৰেল হোৱাৰ পিছতে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত ঘটনাটো সংঘটিত কৰা প্ৰশিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে ইতিমধ্যে প্ৰশিক্ষকগৰাকীক প্ৰতিষ্ঠানটোৰ পৰা বহিষ্কাৰ কৰা হৈছে৷
ইফালে প্ৰশিক্ষাৰ্থীগৰাকীৰ লগতে তেওঁক সহযোগ কৰাসকলকো ৭ দিনৰ বাবে প্ৰশিক্ষণৰ পৰা নিলম্বিত কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















