প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলক চৰকাৰে অনতিপলমে তেওঁলোকৰ কৃষি ভূমিৰ তথ্যসমূহ পি এম কিষাণৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ জাননী জাৰী কৰিছে।
নলবাৰী জিলাৰ পি এম কিষাণৰ যোগ্য হিতাধিকাৰীসকলক মাটিৰ জমাবন্দি,পি এম কিষাণৰ পঞ্জীয়ন নম্বৰ, আধাৰ কাৰ্ডৰ ফটোকপি, বেংক পাছ বুকৰ প্ৰথম পৃষ্ঠাৰ ফটোষ্টেটকপি অতি সোনকালে নিজ নিজ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়াৰ হাতত জমা দিবৰ বাবে আহ্বান জনায় নলবাৰী জিলা কৃষি বিষয়া হাবিবুল হকে।
বিষয়াগৰাকীয়ে লগতে যিসকল হিতাধিকাৰীয়ে এতিয়ালৈ ই কে ৱাই চি সম্পন্ন কৰা নাই তেওঁলোকক ওচৰৰ ৰাজহুৱা সেৱা কেন্দ্ৰ অথবা কৃষি বিষয়া কাৰ্যালয়ত থকা কেন্দ্ৰত গৈ কে ৱাই চি সম্পন্ন কৰিবলৈও আহ্বান জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ