• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই…

ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই…

4 years ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

7 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

7 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

8 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

8 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

9 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

10 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

10 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

11 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

12 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

13 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই…

editor by editor
October 28, 2022
in অসম, জীৱনশৈলী, লেখা
0
ৰঙৰ পূজাৰীজন গ’লগৈ! প্ৰেমৰ কথা ক’বলৈ, ‘চাৰমিনাৰ’ৰ পেকেটত ছবি আঁকিবলৈ নীলপৱন বৰুৱা আৰু নাই…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই জীৱন আছিল ৰঙৰ জীৱন৷ এই জীৱন আছিল প্ৰেমৰ জীৱন৷ ৰঙৰ পুজাৰীজন আৰু নাই৷ ৰঙ তুলিকাৰে জীৱন্ত হৈ থকা বেলতলাৰ সৌৰভ নগৰৰ সেই ঘৰখনত এতিয়া কেৱল মাথো নিৰৱতা৷ জিএমচিএইছৰ বিচনাত নিথৰ হৈ শুই আছে চিত্ৰশিল্পী নীলপৱন বৰুৱা৷

নীলপৱন বৰুৱাৰ নাম যেন অকলে ল’বলৈ সকলোৰেই কুণ্ঠাবোধ হয়৷ নীলপৱন বৰুৱাৰ নাম উচ্চাৰিত হ’লেই লগতে লোৱা হয় দিপালী বৰঠাকুৰৰ নাম৷ ২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে বিদায় মাগিছিল কুকিল কণ্ঠী গায়িকা দিপালী বৰঠাকুৰে৷ দিপালীবিহীন পৃথিৱীত বেছিদিনৰ আলহী নহ’ল নীলপৱন বৰুৱাও৷ আজি অৰ্থাৎ শুকুৰবাৰে ৩ বাজি ১৫ মিনিটত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নীলপৱন বৰুৱাই৷ মৃত্যুৰ সময়ত নীলপৱন বৰুৱাৰ বয়স হৈছিল ৮৬ বছৰ৷

দিপালী বৰঠাকুৰ গুচি যোৱাৰ মাত্ৰ ৪ টা বছৰ পাছতেই বিদায় ল’লে নীলপৱন বৰুৱাইয়ো৷ বিগত কেইবাদিনো ধৰি জিএমচিএইছত চিকিৎসাধীন হৈ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱা৷ নীলপৱন বৰুৱাৰ মৃত্যুৰ লগে লগেই অতীত হ’ল এটি অমৰ প্ৰেম কাহিনী৷ বিশিষ্ট লেখিকা মনালিছা শইকীয়াই এবাৰ এটা পষ্টত নীলপৱন বৰুৱাৰ প্ৰসংগত কৈছিল, ‘দিপালী-নীলপৱনে যি ভালপোৱা জানে সেই কথা বৰ্তমানৰ বহু প্ৰেমিক-প্ৰেমিকাই নাজানে৷’

দিপালী বৰঠাকুৰ গুচি যোৱাৰ পাছত সৌৰভ নগৰৰ সেই বিশেষ ঘৰটোত অকলেই আছিল নীলপৱন বৰুৱা৷ অলসভাৱে কটাইছিল সময়৷ কথাবোৰো ধীৰে ধীৰে পাহৰা হৈছিল নীলপৱন বৰুৱাই৷ লাহে লাহে ৰঙ-তুলিকা তুলি ল’লেও হাত কঁপিছিল বৰুৱাৰ৷ বাৰ্ধক্যজনিত কাৰণতেই এনেবোৰ হয় বুলি উল্লেখ কৰিছিল চিকিৎসকেও৷ দিপালী বৰঠাকুৰ গুচি যোৱাৰ পাছত এক সাক্ষাৎকাৰত তেওঁ কৈছিল, ‘আছো, ঠিকেই আছো৷ চলি আছো৷ পিছে চিগাৰেট হে এৰিব পৰা নাই৷ ৰং-তুলিকাৰ কামবোৰ কৰিব নোৱাৰা হৈছো৷ এটা বয়সৰ পাছত চাগে সৃষ্টিশীলতা নাথাকে৷’

১৯৩৬ চনত যোৰহাটত জন্মগ্ৰহণ কৰিছিল নীলপৱন বৰুৱাই৷ নীলপৱনৰ পিতৃ বিনন্দ চন্দ্ৰ বৰুৱা অসমৰ ধ্বনি কবিৰূপে খ্যাত৷ নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তিনিকেতন-ত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহণ কৰে।

১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি ‘গুৱাহাটী আৰ্ট কলেজ’ত শিক্ষকৰ কামত যোগ দিয়ে।১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদপ্ৰতিষ্ঠা কৰে, লগতে ‘বসুন্ধৰা কলা নিকেতন’ নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।

নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ ‘বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা’, ‘লক্ষ্ণৌ ললিত কলা একাডেমি’, ভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে ‘ললিত কলা একাডেমি, দিল্লী’-ত অসমক প্ৰতিনিধিত্ব কৰিছে।

১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ মুখা শিল্পৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়ন শিল্পক পুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।

১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয়। পাছলৈ বৰুৱাই নতুন দিল্লীৰ ‘গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংণৰ শিক্ষা লৈছিল। নীলপৱন বৰুৱাই ‘চাৰমিনাৰ’ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিছে। নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰচূৰ ধূমপান কৰিছিল।

১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হৈছিল নীলপৱন বৰুৱা। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ লৈছিল নীলপৱন বৰুৱাই৷ অমৰ প্ৰেমৰ চানেকী তুলি ধৰা নীলপৱন-দিপালী নোহোৱা হোৱা ঘৰখন একেই আছে৷ একেদৰেই ছবিবোৰ সিঁচৰিত হৈ আছে৷
ছবিবোৰ সংৰক্ষণৰ প্ৰয়োজনীতাও আছে! নীলপৱন বৰুৱা গুচি যোৱাৰ পাছতেই এই বিষয়েও সামাজিক মাধ্যমত চৰ্চা চলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
Next Post
অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা…

অমল প্ৰেমগাঁথা! চেনাই গুচি যোৱাৰ বাটেৰেই গ’লগৈ নীলপৱন বৰুৱা...

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

দিপালী-নীলপৱনৰ বিবাহ, এখন অসাধাৰণ প্ৰেম বিবাহ! সামাজিক মাধ্যমত এতিয়া কেৱল পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰেমিকজনৰ চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.