সৰুতে বাতৰি কাকতত লিখা সকলো কথাই সঁচা বুলি ভাবিছিলোঁ৷ এতিয়া ভাবোঁ বাতৰি কাকতেও কেতিয়াবা কেতিয়াবা সঁচা কথা লিখে৷ আগতে বাতৰি কাকতৰ বিজ্ঞাপন ওলোৱা পৃষ্ঠাবোৰ এৰাই চলিছিলোঁ৷ এতিয়া কাকত পঢ়োঁতে বাতৰি আৰু সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধবোৰতকৈ বেছিকৈ চকু যায় এই বিজ্ঞাপনবোৰলৈ৷ কোনো কোনো বাতৰি কাকতত বিজ্ঞাপন ওলালে ভাবোঁ, ‘ৰক্ষা তেও, কাকতখনৰ বাবে এইটো বৰ ডাঙৰ এটা সকাহ হ’ব৷ আকৌ কোনো কোনো বাতৰি কাকতত বিজ্ঞাপনৰ পয়োভৰ হ’লে ভাবোঁ, ‘বাহ এই মহাৰ্ঘ্যৰ দিনতো সম্পাদক বপুৰাৰ চৰকাৰৰ লগত সম্পৰ্ক বেছ ভালেই দেখিছোঁ!’ ইয়াত মোৰ দৃষ্টিভংগীত অৱস্থানৰ কথা এটাও আছে। বাতৰি কাকতৰ লগত চৰকাৰী/বেচৰকাৰী বিজ্ঞাপনৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ৷ আচলতে এখন বাতৰি কাকতে যিমানেই বেচৰকাৰী বিজ্ঞাপন পায় সিমানেই বাতৰি কাকতখন স্বাধীনচেতীয়া হ’ব পাৰে৷ তেতিয়া বাতৰি কাকতখনে চলাই থাকিবলৈ মালিকে চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে৷ অন্যথা বাতৰি কাকত চলোৱা খৰচৰ বাবে কাকতৰ মালিকে চৰকাৰৰ ওচৰত বিজ্ঞাপনৰ বাবে হাত পাতিব লগা হয়, বা আন আৰ্থিক সা সুবিধা বিচাৰিব লগা হয়৷ বাতৰি কাকতৰ লগত চৰকাৰী বিজ্ঞাপনৰ কি সম্পৰ্ক সেইটো জানিবলৈ অইন একো নালাগে The Assam Tribuneৰ ইতিহাস পঢ়িলেই যথেষ্ট৷ এই বিষয়ে ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাই তেখেতৰ আত্মজীৱনী ‘স্বগতোক্তি’ৰ ১০২ পৃষ্ঠাত সুন্দৰকৈ লিখিছে৷ সেয়া আছিল গোপীনাথ বৰদলৈৰ দিনৰে কথা৷ এতিয়াতো কথা একেবাৰে বিষম৷ এতিয়া প্ৰযুক্তিগত কাৰণতে বাতৰি কাকত বিপদৰ সন্মুখীন হৈছে৷ তাতে চৰকাৰবিৰোধী নহয়, সঁচা কথা ক’লেই চৰকাৰৰ জগৰলগা সময় এতিয়া৷ সকলোৰে মুখে মুখে ‘গোদী মেদিয়া’ ‘মোদী মেদিয়া’৷ গতিকে এতিয়া কোনে কিমান বিজ্ঞাপন পাইছে বা জোগাৰ কৰিব পাৰিছে সেইটো বৰ ডাঙৰ কথা৷ The Hinduৰ দৰে বাতৰি কাকতে ৰাফেলৰ বিষয়ে চৰকাৰ বিৰোধী অৱস্থান লোৱা বাবে চৰকাৰী বিজ্ঞাপনৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ চৰকাৰী বিজ্ঞাপন নোপোৱা কাৰণে তেওঁলোকে কিমান ব্যয় সংকোচন কৰিব লগা হৈছে! সেয়ে ভালকৈ লক্ষ্য কৰিলে বাতৰি পৰিবেশনৰ ধৰণ আৰু চৰকাৰী বিজ্ঞাপন পোৱা-নোপোৱাৰ মাজত মিল/অমিল দেখা যায়৷ আৰু এটা কথা আছে৷ সম্পাদকৰ লগত ক্ষমতাৰ সম্পৰ্কতো আছেই, তাৰ উপৰিও প্ৰতিখন বাতৰি কাকততে চৰকাৰী পক্ষৰ এজেন্ট থকা যেন লাগে৷ এই এজেন্টবোৰৰ কাম কি? এই এজেন্টবোৰৰ হ’ল খবৰৰ খনিকৰ৷ এওঁলোকে নিশা ঠিক কৰে কোনটো পৃষ্ঠাত কোনটো খবৰ ছপা হ’ব৷ কোনটো খবৰ কিমান চকুতপৰাকৈ ছপা কৰা হ’ব৷ খবৰৰ শিৰোনামৰ আখৰ কিমান শকত হ’ব, কিমান পাতল হব৷ খবৰ কেনেকৈ তল-ওপৰ কৰা হ’ব৷ কাক গুৰু কৰা হ’ব কাক লঘু কৰা হ’ব৷ এই প্ৰক্ৰিয়াৰ মাজেদি আহোঁতে কোনোটো খবৰত অকমান সত্য লাগি আহে, কোনটোত বা সত্যৰ চিনমোকামেই নাথকে৷ তাৰ বিনিময়ত এই এজেন্টবোৰে চৰকাৰৰ ঘৰৰ পৰা কিমান কি উপঢৌকন পায়৷ সেই উপঢৌকনৰ লগত তুলনা কৰিলে তেওঁলোকৰ দৰমহাকেইটা একোৱেই নহয়৷ এতিয়া কোনোবাই মোক সুধিব পাৰে আপুনি এই কথাবোৰ কেনেকৈ জানিলে? নাই, মোৰ কোনো চোৰাংচোৱা নাই৷ মই পুৰণি দিনৰ চিকিৎসকৰ দৰে হাত চুই, জিভা চাই, চকু চাই দৰব দিয়া চিকিৎসক৷ মই বাতৰি কাকতৰ খবৰৰ ৰেহৰূপৰ পৰাই এইবোৰ কথা অনুমান কৰোঁ৷ মোৰ কথা যদি মিছা কোনো কথা নাই৷ আপুনি অৱজ্ঞা কৰক৷ কিন্ত যদি সঁচা হয় তেন্তে কি হ’ব!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ