অসম লাইভ২৪ঃ ভাৰত তথা বিশ্বৰ প্ৰথম শাৰীৰ এজন ধনী ব্যক্তি হৈছে ৰতন টাটা। প্ৰায় ১৫৭ বছৰ পুৰণি টাটা গ্ৰুপ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দায়িত্বও তেওঁৰ কান্ধত। কেইবাদশক পূৰ্বে তেওঁ যেতিয়া টাটা গ্ৰুপ এণ্ড ইণ্ডাষ্ট্ৰীজৰ দায়িত্ব ল’লে তেতিয়াৰে পৰাই সফলতাৰ শীৰ্ষলৈ গতি কৰিছে টাটা কোম্পানীও। বহু সম্পত্তিৰ মালিক হ’লেও তেনেই সাধাৰণ এজন মানুহ ৰতন টাটা। তেওঁৰ ব্যক্তিত্বক লৈ সেয়ে প্ৰতিসময়তে চৰ্চা হয়। খুবেই শান্ত প্ৰকৃতিৰ মানুহ ৰতন টাটাৰ কাষত মানুহৰ অভাৱ নাই। কিন্তু এই মানুহৰ ভীৰতো একাকীত্বৰ জীৱন ৰতন টাটাৰ। ৮৫বছৰীয়া ৰতন টাটাই সংবাদমাধ্যমৰ আগত দিয়া মন্তব্যত এই সন্দৰ্ভত কৈছিল, ‘একাকীত্বৰ অনুভূতি কি আপুনি অকলে নাথাকিলে বুজিব নোৱাৰিব?’ কিন্তু কিয় অকলশৰীয়া জীৱনটোক বাচি ল’লে ৰতন টাটাই?
অন্য ১০ জন মানুহৰ দৰেই ৰতন টাটাৰ জীৱনলৈকো প্ৰেম আহিছিল। প্ৰেয়সীক বিয়া কৰাবও খুজিছিল। কিন্তু তেওঁলোকৰ প্ৰেমত বাধা হৈ পৰে চীন-ভাৰতৰ যুদ্ধ। ৰতন টাটা যেতিয়া লছ এঞ্জেলছত আছিল তেতিয়াই তেওঁ এগৰাকী মাৰ্কিন যুৱতীৰ প্ৰেমত পৰে। সেই যুৱতীগৰাকীৰ সৈতে সাতোজীৱনলৈ একেলগে থকাৰ সপোন দেখিছিল ৰতন টাটাই।
বিদেশত নতুন চাকৰি, সুন্দৰ পৰিবেশ, নতুন প্ৰেম সকলো মিলি দিন ভালদৰেই পাৰ হৈছিল। কিন্তু হঠাৎ ৰতন টাটাৰ আইতাকৰ গা বেয়া হোৱাৰ খবৰ লাভ কৰে। ৰতন টাটাই আইতাকৰ গা বেয়াৰ খবৰ লাভ কৰি লগে লগেই ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়। ৰতন টাটাই তেতিয়া প্ৰেয়সীক কথা দিছিল যে ভাৰতলৈ গৈ তেওঁ প্ৰেমৰ কথা ঘৰত জনাব। অচিৰেই দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। ৰতন টাটা ঘৰলৈ অহাৰ পাছতেই ১৯৬২ চনত ভাৰত চীনৰ মাজত যুদ্ধ আৰম্ভ হয়। ৰতন টাটা ভাৰতলৈ আহিল যদিও তেওঁৰ প্ৰেয়সী কিন্তু ভাৰতলৈ আহিব নোৱাৰিল। যুদ্ধৰ বাবে টাটাৰ প্ৰেয়সীক তেওঁৰ পিতৃমাতৃয়ে ভাৰতলৈ পঠিয়াবলৈ মান্তি নহ’ল। সপোনবোৰ সপোনতেই মৰহি গ’ল টাটাৰ। ইয়াৰ পাছত ৰতন টাটাৰ জীৱনলৈ নাৰী আহিল যদিও শেষ পৰ্যন্ত বিবাহপাশত আৱদ্ধ নহ’ল ৰতন টাটা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ